চিটাৰা ডেস্ক, ২১ ডিচেম্বৰ : ছলমান খানৰ আগন্তুক ছবি 'অন্তিম'ৰ এটি দৃশ্য প্ৰথমবাৰৰ বাবে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে অভিনেতাগৰাকীয়ে । ইনষ্টাগ্ৰাম পোষ্টযোগে 'অন্তিম' ছবিৰ দৃশ্যগ্ৰহণৰ সময়ৰ এক ভিডিঅ' শ্বেয়াৰ কৰিছে ছলমানে । ভিডিঅ'টোত গেংষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰা জোঁৱায়েক আয়ুছ শৰ্মাৰ সৈতে হতাহতিত লিপ্ত হোৱা দেখা পোৱা গৈছে আৰক্ষীৰ চৰিত্ৰ ৰূপায়ণ কৰা ছলমানে ।
- " class="align-text-top noRightClick twitterSection" data="
">
তথ্য অনুসৰি, ছলমানে ছবিখনত শিখ সম্প্ৰদায়ৰ এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিছে আৰু আয়ুছে এজন গেংষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰিব । যোৱা ১৬ নৱেম্বৰত পুণেত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল । প্ৰথম সময়খিনিত কজৰটতো কেইবাটাও দৃশ্যৰ বাব শ্বুটিং কৰে 'অন্তিম' ছবিৰ দলটোৱে । অভিনেতা নিকিটিন ধীৰেও ছবিখনত গেংষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছে । প্ৰভুদেৱাই নিৰ্দেশনা কৰা 'ৰাধে-মষ্ট ৱাণ্টেড ভাই'ত পৰৱৰ্তী সময়ত দেখা পোৱা যাব ৫৪ বছৰীয়া ছলমানক । যোৱা অক্টোবৰ মাহত ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে ।