ETV Bharat / sitara

মাস্কখনক হিন্দীত বাৰু কি কয় ! উত্তৰ দিলে বিগ বিয়ে

author img

By

Published : Jun 24, 2020, 6:35 PM IST

ছ'চিয়েল মিডিয়া একাউন্ট যোগে ৰসাল প'ষ্ট শ্বেয়াৰ কৰিছে মেগাষ্টাৰ অমিতাভ বচ্চনে ৷ কৰ'ণা ভাইৰাছৰ ঢালৰূপী মাস্কৰ হিন্দী অনুবাদ কৰিছে অমিতাভ বচ্চনে ৷ জিভাত পাক লাগি ধৰা হিন্দী অনুবাদটো জানি আচৰিত হ'ব আপুনিও .....

amitabh bachcahan shared the hindi word for mask on social media
মেগাষ্টাৰ অমিতাভ বচ্চনে

চিটাৰা ডেস্ক,24জুনঃ COVID-19 মহামাৰীৰ বিৰুদ্ধে মানৱ জাতিয়ে চলাই থকা যুঁজখনত মাস্কে ঢাল হিচাপে কাম কৰিছে ৷ শেহতীয়াকৈ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে মাস্কৰ ৰসাল তথ্য ৷

বিগ বিয়ে ছ'চিয়েল মিডিয়াত এটা প'ষ্ট শ্বেয়াৰ কৰিছে য'ত তেওঁ মাস্কৰ হিন্দী অনুবাদ কৰিছে ৷ লগতে এখন মাস্ক পিন্ধা ফটোও শ্বেয়াৰ কৰিছে অভিনেতা গৰাকীয়ে ৷ ফটো শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে লিখিছে, "मिल गया ! मिल गया ! मिल गया !बहुत परिश्रम के बाद , मास्क का अनुवाद मिल गया. "नासिकामुखसंरक्षक कीटाणुरोधक वायुछानक वस्त्रडोरीयुक्तपट्टिका" ৷

অভিনেতাগৰাকীৰ এই ৰসাল প'ষ্টটো যথেষ্ট পচন্দ কৰিছে অনুৰাগীয়ে ৷ লগতে বহুজনে শ্বেয়াৰো কৰিছে এই বিশেষ প'ষ্টটো ৷

এইখিনিতে জনাই থওঁ যে, অমিতাভ বচ্চনৰ নতুন ছবি গুলাব' সিতাব' শেহতীয়াকৈ মুক্তি পাইছে এমেজন প্ৰাইমত ৷ ছবিখনত বিগ বি ৰ সৈতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰাণাই ৷

লগতে পঢ়কঃনেটফ্লিক্সত মুক্তি পালে অনুষ্কাৰ বুলবুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.