ETV Bharat / sitara

বাৰাণসীত ব্ৰহ্মাস্ত্ৰৰ অন্তিম পৰ্যায়ৰ শ্বুটিঙত ব্যস্ত ৰণবীৰ-আলিয়া

author img

By

Published : Mar 23, 2022, 2:09 PM IST

ব্ৰহ্মাস্ত্ৰৰ অন্তিম পৰ্যায়ৰ শ্বুটিঙৰ বাবে বাৰাণসী পালেগৈ প্ৰেমিক যুগল ৰণবীৰ-আলিয়া (Ranbir-Alia Brahmastra shooting) ৷ ভাইৰেল হ’ল শ্বুটিঙৰ এটা ভিডিঅ’ ৷ চাওক কি আছে ভিডিঅ’টোত...

Brahmastra shooting
ব্ৰহ্মাস্ত্ৰৰ অন্তিম পৰ্যায়ৰ শ্বুটিং চলিছে বাৰাণসীত

চিটাৰা ডেস্ক, 23 মাৰ্চ : বলীউডৰ জনপ্ৰিয় যুটি ৰণবীৰ সিং আৰু আলিয়া ভাটক একেলগে দেখা পোৱা গ’ল উত্তৰ প্ৰদেশত ৷ বাৰাণসীত শেষ হ’ব ৰণবীৰ-আলিয়া অভিনীত ছবি ব্ৰহ্মাস্ত্ৰৰ শেষাংশৰ দৃশ্যগ্ৰহণ (Ranbir-Alia Brahmastra shooting) ৷ বাৰাণসীৰ শ্বুটিং স্থলীৰ পৰা প্ৰেমিক যুগলৰ কেইবাখনো আলোকচিত্ৰ ইতিমধ্যে ভাইৰেল হৈছে ৷

বাস্তৱ জীৱনৰ এই যুটিয়ে প্ৰথমবাৰৰ বাবে এই ছবিখনেৰে ৰীল লাইফ যুটি হিচাপে দৰ্শকৰ মাজলৈ আহিব (Ranbir Alia movie together) ৷ দুয়োৰে অনুৰাগী সকল অধীৰ আগ্ৰহেৰে ৰৈ আছে ৰূপালী পৰ্দাত ৰণবীৰ-আলিয়াৰ ৰোমাণ্টিক মূহুৰ্ত উপভোগ কৰিবলৈ ৷

Brahmastra shooting
বলীউডৰ জনপ্ৰিয় যুঁটি ৰণবীৰ আলিয়া

শ্বুটিং স্থলীৰ ফটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ ভাইৰেল হোৱা ফটো এখনত ছবিখনৰ নিৰ্মাতা অয়ন মুখাৰ্জীৰ সৈতে ৰণবীৰ-আলিয়াক বাৰাণসীৰ এটা ঘাটত শ্বুটিং কৰি থকা দেখা গৈছে ( Ranbir Alia in varanasi for brahmastra shoot) ৷

ভাইৰেল হৈ পৰা ফটো আৰু ভিডিঅ’সমূহত ৰণবীৰ আৰু আলিয়াক হালধীয়া আৰু কমলা ৰঙৰ পোছাকত দেখা গৈছে ৷ সোমবাৰে মুম্বাই বিমান বন্দৰত দেখাৰ পিছত সকলোৱে অনুমান কৰিছিল ৰণবীৰ-আলিয়া বন্ধ উদযাপনৰ বাবে কোনোবা পৰ্যটনস্থলীলৈ ফুৰিবলৈ গৈছে ৷ কিন্তু এতিয়া ভাইৰেল হৈ পৰা ফটোৱে দেখুৱাইছে যে দুয়ো ব্ৰহ্মাস্ত্ৰৰ শ্বুটং শেষ কৰাত ব্যস্ত (Brahmastra last schedule) ৷

Brahmastra shooting
বলীউডৰ জনপ্ৰিয় যুঁটি ৰণবীৰ আলিয়া

অয়ন মুখাৰ্জীয়ে এটা সাক্ষাৎকাৰত কৈছিল ব্ৰহ্মাস্ত্ৰ তেওঁৰ এটা সাতবছৰীয়া সপোন (Brahmastra updates) ৷ ছবিখনৰ নিৰ্মাতা, ছবিখনৰ লগত সকলো কলা-কুশলীৰ লগতে এতিয়া চলচ্চিত্ৰ প্ৰেমীও অধীৰ আগ্ৰহেৰে ৰৈ আছে ব্ৰহ্মাস্ত্ৰৰ মুক্তিৰ অপেক্ষাত ৷

ব্ৰহ্মাস্ত্ৰৰ প্ৰযোজনাত আছে ফক্স ষ্টাৰ ষ্টুডিঅ’জ, ধৰ্মা প্ৰডাকচন, প্ৰাইম ফ’কাচ এণ্ড ষ্টাৰলাইট পিক্চাৰছ্ ৷ হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাবলগীয়া ছবিখন 9 ছেপ্তেম্বৰত ছবিগৃহলৈ আহিব ৷ ৰণবীৰ আৰু আলিয়াৰ উপৰিও ব্ৰহ্মাস্ত্ৰত অমিতাভ বচ্চন, মৌনী ৰয় আৰু নাগাৰ্জুন অক্কিনেনীকো দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: Alia Bhatt role in Brahmastra : ব্ৰহ্মাস্ত্ৰ সম্পৰ্কত কি ক’লে অভিনেত্ৰী আলিয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.