ETV Bharat / sitara

বলীউডত প্ৰতিটো দিনেই এক সংগ্ৰামঃ ইমৰাণ হাছমী

ছবি উদ্যোগত ১৮ বছৰ কাম কৰি সফলতা অৰ্জন কৰাৰ পিছতো 'প্ৰতিটো দিন এক সংগ্ৰাম' বুলি অনুভৱ কৰে বলীউড অভিনেতা ইমৰাণ হাছমীয়ে । ছবি জগতৰে জড়িত হৈ থাকিবলৈ নিজৰ অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰি যাবই লাগিব বুলি তেওঁ মন্তব্য কৰে । বৰ্তমান মুক্তিৰ অপেক্ষাত আছে ইমৰাণৰ আগন্তুক ছবি 'চেহৰে' ।

ছবি উদ্যোগত ১৮ বছৰ কাম কৰাৰ পিছতো 'প্ৰতিটো দিন এক সংগ্ৰাম' বুলি ভাৱে ইমৰাণে

author img

By

Published : Apr 9, 2021, 6:22 PM IST

চিটাৰা ডেস্ক, ৯ এপ্ৰিল: বলীউডত প্ৰাসংগিক হৈ থকাটো সফলতা লাভ কৰাৰ দৰেই কঠিন কাম । এই মন্তব্য বলীউড অভিনেতা ইমৰাণ হাছমীৰ । অভিনেতাগৰাকী ছবি জগতৰে জড়িত হৈ থকাৰ দুই দশক সম্পূৰ্ণ হ'বলৈ মাত্ৰ ২ বছৰ বাকী আছে । জীৱনৰ ১৮টা বছৰে ছবি জগতত কাম কৰাৰ পিছতো ইমৰাণে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে, তেওঁ অনুভৱ কৰে বলীউডত 'প্ৰতিটো দিন এক সংগ্ৰাম' ।

তেওঁ কয় যে, অভিনেতাসকলে তেওঁলোকৰ কাম কৰি যাব লাগিব, কিয়নো প্ৰতি বছৰে নতুন প্ৰতিভাৰ আত্মপ্ৰকাশ ঘটে । এখন আগশাৰীৰ দৈনিক কাকতৰে হোৱা সাক্ষাৎকাৰত ইমৰাণে কয় যে, বলীউডত প্ৰতিটো দিন যেন এক সংগ্ৰাম । তাৰকাসকলে কেৱল প্ৰাৰ্থনা কৰে যে এই ছবি জগতত থাকিবলৈ আৰু কিছু ভাল কাম কৰিবলৈ যাতে আৰু এটা বছৰ পায় । তেওঁ কয় যে, এয়া সঁচাকৈয়ে পৰীক্ষামূলক । আনকি, এই ব্যৱসায়ত কোনেও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে ।

শেহতীয়া সময়খিনিত ছবি জগতত বিশেষ চমক দিবলৈ সক্ষম নোহোৱা ইমৰাণে চলিত বৰ্ষত কেইবাখনো ছবিত অভিনয় কৰাৰ বাবে চুক্তিবদ্ধ হৈছে । তেওঁৰ নামৰ সৈতে সংলগ্ন হৈ পৰা 'ছিৰিয়েল কিছাৰ' উপনামটোৰ পৰা নিজকে কিছু দূৰত ৰখাৰ সিদ্ধান্ত লৈছে অভিনেতাগৰাকীয়ে । তেওঁ কয় যে, তেওঁৰ প্ৰজন্মৰ অভিনেতাসকলে সময়ৰ সৈতে খাপ খাব লাগিব বুলি তেওঁ জানে । তেওঁ কয় যে, এজন লোকে কোনো বিষয়তে অত্যাধিক আত্মবিশ্বাসী হোৱাতো উচিত নহয় ।

যদি কৰি থকা কামটোৰ প্ৰতি আগ্ৰহী হয়, এটা চৰিত্ৰ সফলভাৱে ৰূপায়ণ কৰি ইয়াক জীৱন্ত ৰূপত দাঙি ধৰাৰ বাবে সকলো প্ৰচেষ্টা কৰি ভাল পায়, তেন্তে এনে কামে সদায় মূল্য দিয়ে । তেওঁ কয় যে, এইটোৱেই তেওঁৰ একমাত্ৰ মন্ত্ৰ আৰু এই মন্ত্ৰ সৰোগত কৰিয়েই তেওঁ কাম কৰে । আগন্তুক ছবি 'চেহৰে'ত দেখা পোৱা যাব অভিনেতাগৰাকীক । ভৌতিকধৰ্মী ছবি 'এজৰা'ৰ পিছত 'টাইগাৰ-৩' ছবিতো ইমৰাণে অভিনয় কৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:উগ্ৰপন্থীৰ বন্দীয়াৰ জীৱনৰ পৰা সৰু পৰ্দালৈ সতীৰ্থা দেৱনাথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.