চিটাৰা ডেস্ক,20জুনঃ আনলকৰ পিছত মহাৰাষ্ট্ৰৰ চৰকাৰে সুৰক্ষা নিৰ্দেশনাৰ সৈতে ছবি আৰু টি ভি প্ৰজেক্টচৰ শ্বুটিঙৰ অনুমতি প্ৰদান কৰিছিল ৷ কিন্তু বলীউডৰ বহু তাৰকাই বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সংকোচ প্ৰকাশ কৰিছে ৷ শ্বুটিঙ চেটত কাম কৰিবলৈ সংকোচ কৰি ব্যক্ত কৰিছে যে, তেওঁলোকৰ মনত এতিয়াও সন্দেহ আছে আৰু সকলোতকৈ আগত তেওঁলোকে স্বাস্থ্যক প্ৰাধান্য দিব বিচাৰে ৷
![actors sceptical to shoot as film industry gradually reopens](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7696008_3.jpg)
চুপাৰ30ৰ অভিনেত্ৰী ম্ৰুণাল ঠাকুৰো ইয়াৰ ভিতৰত অন্যতম ৷ তেওঁৰ বাবে "স্বাস্থ্য সকলোতকৈ আগত ৷ "
![actors sceptical to shoot as film industry gradually reopens](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7696008_5.jpg)
ম্ৰুণাল ঠাকুৰে জনোৱা মতে," মই এতিয়ালৈকে প্ৰস্তুত হোৱা নাই ৷ মোৰ অনুভৱ মই যদি শ্বুটিঙৰ বাবে হা কৈ দিও তেতিয়া মই বহুত মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আনিব পাৰো ৷ সঁচাকৈ মই এই সিদ্ধান্ত লোৱাত অসমৰ্থ হৈছো ৷ মুম্বাইত মনচুন আৰম্ভ হোৱাৰ লগে লগে বিশেষ ৰূপত ফ্লু জাতীয় বেমাৰ বৃদ্ধি পোৱাৰো অধিক সম্ভাৱনা প্ৰকট হৈছে ৷ "
![actors sceptical to shoot as film industry gradually reopens](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7696008_2.jpg)
অভিনেতা তনুজ বিৰবানীয়েও তেওঁৰ সৈতে সহমত প্ৰকাশ কৰিছে ৷ তেওঁ কয়, "মোৰ শ্বুটিং চেট বহুত মনত পৰিছে কিন্তু যি প্ৰজেক্টৰ বাবে মই শ্বুটিং কৰি আছিলো সেই প্ৰজেক্টৰ বাবে বহুত শিল্পী আৰু ক্ৰু সদস্যৰ প্ৰয়োজন ৷ মোৰ অনুভৱ যি ছবি আৰু শ্ব' সমূহত শ্বুটিঙ চেটত কম মানুহৰ আৱশ্যকতা আছে , তেওঁলোক আগবাঢ়িব পাৰে ৷ ইয়াৰ দ্বাৰা বহুত মানুহে সাহস পাব ৷ ব্যক্তিগতভাৱে মই নাভাবো যে জুলাইৰ শেষত বা আগষ্টৰ প্ৰথমত সম্পূৰ্ণৰূপে শ্বুটিং আৰম্ভ হ'ব পাৰিব ৷"
![actors sceptical to shoot as film industry gradually reopens](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7696008_6.jpg)
অভিনেতা বৰুণ শৰ্মাৰ মতে," মই কেমেৰাৰ সন্মুখীন হ'বলৈ উৎসাহী হৈ আছো কিন্তু শ্বুটিং তেতিয়াহে কৰিম যেতিয়া ই সুৰক্ষিত হ'ব ৷ যেতিয়া সুৰক্ষাৰ সকলো উপায় কৰা হ'ব ৷"
![actors sceptical to shoot as film industry gradually reopens](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7696008_1.jpg)
সেইদৰে অপাৰ শক্তি খুৰাণাৰ স্থিতিও একেই ৷ তেওঁ কয়," মই নাজানো কিমান অভিনেতা আৰু নিৰ্দেশক বাহিৰত গৈ শ্বুটিং কৰিবলৈ সাজু হৈছে ৷ কিন্তু যিয়ে এই সম্পৰ্কে ভাৱিছে , তেঁওলোকে কিছুমান কথাৰ ওপৰত ধ্যান ৰখা উচিত ৷ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু শ্বুটিঙ চেটত মানুহৰ সংখ্যা কমাব লাগিব ৷ অৱশেষত দুটা কথাই মনত ৰাখিব লাগিব স্বাস্থ্য আৰু কাম দুয়োটা একেলগে চলি থাকে ৷ "
![actors sceptical to shoot as film industry gradually reopens](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7696008_4.jpg)
অভিনেত্ৰী হিনা খানেও শেহতীয়াকৈ ৱেব চিৰিজৰ ডাবিঙৰ কামত ঘৰৰ পৰা বাহিৰলৈ ওলাইছিল ৷ কিন্তু ইনষ্টাগ্ৰামত নিজৰ অনুভৱ ব্যক্তি কৰি লিখে যে, তেঁও এনেদৰে বাহিৰত গৈ সুৰক্ষিত অনুভৱ কৰা নাই ৷
এইখিনিতে জনাই থওঁ যে, দেশৰ বহুকেইটা ইণ্ডাষ্ট্ৰীত ইতিমধ্যে ছবি আৰু টিভিৰ শ্বুটিং আৰম্ভ হৈছে ৷
লগতে পঢ়কঃ ৰেপাৰ ট্ৰে চেভেজৰ অকাল মৃত্যু