ETV Bharat / sitara

চিকিৎসাধীন প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰী - মুম্বাইৰ এখন চিকিৎসালয়ৰ আইচিইউ কক্ষত চিকিৎসাধীন সুৰেখা চিক্ৰী

মঙলবাৰে মগজুৰ ৰক্তক্ষৰণ হোৱাত চিকিৎসাধীন হয় প্ৰবীণ বলীউদ তথা টেলিভিছন অভিনেত্ৰী সুৰেখা চিক্ৰী ৷ তামাছ, মাম্মো, জুবেইদা, ধাৰাবাহিক বালিকা বধু আদিত অভিনয়ৰ বাবে জনপ্ৰিয় আছিল সুৰেখা চিক্ৰী ৷

প্ৰবীণ বলীউদ তথা টেলিভিছন অভিনেত্ৰী সুৰেখা চিক্ৰী
চিকিৎসাধীন প্ৰবীণ অভিনেত্ৰী সুৰেখা চিক্ৰী
author img

By

Published : Sep 9, 2020, 6:15 AM IST

ছিটাৰা ডেস্ক, 8 ছেপ্তেম্বৰ : মঙলবাৰে মগজুৰ ৰক্তক্ষৰণ হোৱাত চিকিৎসাধীন হয় প্ৰবীণ বলীউদ তথা টেলিভিছন অভিনেত্ৰী সুৰেখা চিক্ৰী ৷ অভিনেত্ৰীগৰাকীৰ এজেন্ট বিবেক সিধৱানীয়ে প্ৰদান কৰা তথ্য অনুসৰি, বৰ্তমান মুম্বাইৰ এখন চিকিৎসালয়ৰ আইচিইউ কক্ষত চিকিৎসাধীন হৈ আছে চিক্ৰী ৷ 75 বৰ্ষীয় অভিনেত্ৰীগৰাকী বৰ্তমান সুস্থিৰ অৱস্থাত আছে বুলি সিধৱানীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

তিনিটাকৈ ৰাষ্ট্ৰীয় সন্মানৰ অধিকাৰী সুৰেখা চিক্ৰী বহু বলিষ্ঠ অভিনয়ৰ বাবে বিখ্যাত ৷ তামাছ, মাম্মো, জুবেইদা, ধাৰাবাহিক বালিকা বধু আদিৰ বাবে জনপ্ৰিয় আছিল সুৰেখা চিক্ৰী ৷

আয়ুস্মান খোৰানা অভিনীত 'বাধাই হো'ৰ বাবে বিভিন্ন জনৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে ৷ ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় সন্মান দখল কৰিছিল ৷ সেই সময়ৰ পৰাই তেওঁ অসুস্থ হৈ আছিল আৰু সন্মান গ্ৰহণ কৰিবৰ বাবে হুইল চেয়াৰত যাব লগা হৈছিল ৷

উল্লেখ্য যে, চিক্ৰীক অন্তিমবাৰৰ বাবে জয়া আখটাৰৰ দ্বাৰা পৰিচালিত নেটফ্লিক্সৰ 'ঘোষ্ট ষ্টৰীজ'ত দেখা পোৱা গৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.