ETV Bharat / sitara

অৰ্জুন ৰামপালৰ এগৰাকী ঘনিষ্ঠক গ্ৰেপ্তাৰ কৰিলে NCBয়ে - অগিছিআলোছ ডেমট্ৰিয়াদেশ

9 নৱেম্বৰ তাৰিখে এন.চিবি.য়ে অৰ্জুন ৰামপালৰ বাসগৃহতো তালাচী চলাইছিল আৰু ৰামপালৰ ঘৰৰ পৰা কিছু নিষেধাজ্ঞা থকা বৈদ্যুতিক সামগ্ৰী আৰু নিষিদ্ধ ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পাছতে অৰ্জুন ৰামপাল আৰু তেখেতৰ প্ৰেমিকা গ্ৰেবিয়েলাক এন.চি.বি.য়ে চমন প্ৰেৰণ কৰে ৷

Actor Arjun Rampal reaches NCB office for questioning
অৰ্জুন ৰামপালৰ ঘনিষ্ঠক গ্ৰেপ্তাৰ NCBৰ, মুখামুখীকৈ সোধপোছৰ সম্ভাৱনা
author img

By

Published : Nov 13, 2020, 5:23 PM IST

Updated : Nov 13, 2020, 7:04 PM IST

চিতাৰা ডেস্ক, 13 নৱেম্বৰ : ড্ৰাগছ মাফিয়া আৰু বলিউডৰ মাজৰ সম্বন্ধৰ তদন্ত কৰি থকা নাৰ্কোটিক্স কন্ট্ৰল ব্যুৰ‘ (NCB) য়ে অষ্ট্ৰেলিয়ান মূলৰ আৰ্কিটেক পাল বাৰ্টেলক গ্ৰেপ্তাৰ কৰিছে ৷ পাল বাৰ্টেল কৰায়ত্ত হোৱা ড্ৰাগছ মাফিয়া অগিছিআলোছ ডেমট্ৰিয়াদেশ আৰু অভিনেতা অৰ্জুন ৰামপালৰ নিকটৱৰ্তী বন্ধু আছিল ৷ এন ছি বিয়ে বুধবাৰে নিশা বান্দ্ৰাস্থিত পাল বাৰ্টেলৰ বাসগৃহত তালাচী চলাইছিল আৰু তাৰ পাছতে চমন পঠিয়াই বৃহস্পতিবাৰে সোধপোছৰ বাবে মাতি পঠিয়ায় ৷ আৰু প্ৰায় 9 ঘণ্টা ধৰি জেৰা কৰাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷

ইয়াৰ পূৰ্বে 9 নৱেম্বৰ তাৰিখে এন.চিবি.য়ে অৰ্জুন ৰামপালৰ বাসগৃহতো তালাচী চলাইছিল আৰু ৰামপালৰ ঘৰৰ পৰা কিছু নিষেধাজ্ঞা থকা বৈদ্যুতিক সামগ্ৰী আৰু নিষিদ্ধ ঔষধ জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পাছতে অৰ্জুন ৰামপাল আৰু তেখেতৰ প্ৰেমিকা গ্ৰেবিয়েলাক এন.চি.বি.য়ে চমন প্ৰেৰণ কৰে ৷ এন.চি.বি.য়ে পাল বাৰ্টেলক সেইদিনাই গ্ৰেপ্তাৰ কৰিছে, যিদিনা অৰ্জুন ৰামপাল আৰু তেওৰ প্ৰেয়সীকো সোধপোছৰ কাৰণে কাৰ্যালয়লৈ মাতিছে ৷ এতিয়া অৰ্জুন ৰামপাল আৰু পাল বাৰ্টেলক মুখামুখীকৈ বহুৱাই সোধপোছ কৰাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক: অভিনেতা চিৰঞ্জীৱিৰ কোভিড নিগেটিভঃ এন্টিজেন টেষ্টত বিসংগতি

Last Updated : Nov 13, 2020, 7:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.