চিটাৰা ডেস্ক, ২৩ এপ্ৰিল : দেশজুৰি কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে বৃহস্পতিবাৰে শ্বাহৰুখ খানৰ পত্নী গৌৰী খান আৰু পুত্ৰ আৰিয়ান খানে মুম্বাইৰ পৰা আমেৰিকালৈ যাত্ৰা কৰে । এই সংকট কালৰ মাজত ভ্ৰমণ কৰাৰ বাবে মাতৃ-পুত্ৰক ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰল কৰা হৈছে । দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত আটাইতকৈ বেছি লোক সংক্ৰমিত হৈছে । ফলস্বৰূপে, ৰাজ্য চৰকাৰে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে । তেনেস্থলত মাতৃ-পুত্ৰৰ এই ভ্ৰমণত সকলোৱে সমালোচনা কৰিছে ।
ইয়াৰ পূৰ্বে, জনতা কাৰফিউৰ সময়ত বহু বি-টাউন চেলিব্ৰেটীয়ে চহৰ এৰি বিদেশলৈ গৈছিল । আলিয়া ভট্ট, ৰণবীৰ কাপুৰৰ পৰা টাইগাৰ শ্ৰফ আৰু দিশা পাটানিকে ধৰি বহু চেলিব্ৰেটীয়ে বিদেশলৈ গৈছিল । তেওঁলোকক অনুসৰণ কৰি এতিয়া গৌৰী আৰু তেওঁৰ পুত্ৰ আৰিয়ান খানো নিউয়ৰ্কলৈ ৰাওনা হৈছে । গৌৰী আৰু আৰিয়ানক বৃহস্পতিবাৰে মুম্বাই বিমানবন্দৰত দেখা গৈছিল । তেওঁলোকৰ ফটো, ভিডিঅ' ছচিয়েল মিডিয়াত দেখাৰ লগে লগে ব্যাপকভাৱে ট্ৰ'ল কৰা হৈছে ।
ইয়াৰ পূৰ্বে, শোভা দে’ আৰু চেলিব্ৰিটি মেনেজাৰ ৰোহিনী আয়াৰেও বিদেশ ভ্ৰমণৰ সময়ত ব্যাপকভাৱে ট্ৰ'ল কৰা হৈছিল ।
লগতে পঢ়ক: বাফটাৰ ব্ৰেকথ্ৰ' ইণ্ডিয়াৰ বিচাৰক হিচাপে যোগদান অনুপম খেৰৰ