চিটাৰা ডেস্ক, 3 জুলাই: যুগ্ম জীৱনৰ সুদীৰ্ঘ 15 বছৰৰ পাচত বৈবাহিক বান্ধোনৰ পৰা আঁতৰি পৃথকে থকাৰ সিদ্ধান্ত আমিৰ খান আৰু কিৰণ ৰাওৰ ৷ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰাৰ বাবেই বলিউদৰ চুপাৰষ্টাৰ আমিৰ আৰু তেওঁৰ পত্নী তথা ছবিনিৰ্মাতা কিৰণ ৰাওৱে পৃথকে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এক যুটীয়া বিবৃতিযোগে দুয়োৱে জানিবলৈ দিয়া মতে, বিগত কিছুদিনৰ পৰা তেওঁলোকে বৈবাহিক সম্পৰ্ক ছেদ কৰাৰ বাবে পৰিকল্পনা কৰি আছিল ৷
বিবাহ বিচ্ছেদ হ'লেও এইয়া কোনো সমাপ্তি নহয় বৰঞ্চ নতুনৰ আৰম্ভণি বুলি দুয়োগৰাকীয়ে জানিবলৈ দিছে ৷ বিবৃতিটোৰ জড়িয়তে দুয়োৱে এইবুলি কৈছে, "এই 15 বছৰীয়া সুন্দৰ যাত্ৰাত আমি জীৱনজোৰা অভিজ্ঞতা, আনন্দ আৰু হাঁহি ভাগ-বতৰা কৰিছো, আৰু আমাৰ মাজৰ সম্পৰ্ক বিশ্বাস, সন্মান আৰু প্ৰেমৰ মাধ্যমেৰে বৃদ্ধি পাইছে । এতিয়া আমি আমাৰ জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো ৷
এতিয়াৰে পৰা স্বামী-স্ত্ৰী হিচাপে নহয়, তাৰ পৰিৱৰ্তে পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে আমি নতুন অধ্যায়টো আৰম্ভ কৰিব বিচাৰো উল্লেখ কৰি দুয়োৱে লগতে এইবুলিও কয় যে, "কিছুদিন পূৰ্বে আমি বিচ্ছেদৰ পৰিকল্পনা কৰিছিলো ৷ এতিয়া আমাৰ পৃথকে থকাৰ সিদ্ধান্তৰ বিষয়ে আমি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব খুজিছো ৷ পৃথকে থাকিলেও আমি আমাৰ জীৱন এটা সম্প্ৰসাৰিত পৰিয়ালৰ দৰে আগুৱাই নিম ৷ পিতৃ-মাতৃ হিচাপে আমি পুত্ৰ আজাদৰ প্ৰতি সমৰ্পিত আৰু তেওঁক আমি একেলগে প্ৰতিপালন কৰিম ৷"
ছবি, পানী ফাউণ্ডেশ্যন(Paani Foundation) আৰু অন্যান্য প্ৰকল্পসমূহত দুয়ো সহযোগী হিচাপে কাম কৰিব বুলি জানিবলৈ দি তেওঁলোকৰ এই সিদ্ধান্তক সমৰ্থন কৰাৰ লগতে বুজাবুজিৰ বাবে দুয়োৱে পৰিয়াল আৰু বন্ধুবৰ্গক ধন্যবাদ জ্ঞাপন কৰে ৷ এই বিবাহ বিচ্ছেদক সমাপ্তি হিচাপে নহয় বৰঞ্চ এক নতুন যাত্ৰাৰ আৰম্ভণি হিচাপে গ্ৰহণ কৰিবলৈও দুয়োগৰাকীয়ে অনুৰোধ জনায় ৷
লগতে পঢ়ক: বেট বেলেন্স চেলেঞ্জ: চৰ্চাত অনুষ্কা-বিৰাটৰ নতুন ভিডিঅ'