নিউজ ডেস্ক, 7 নৱেম্বৰ : ভাৰতৰ পোলাৰ ছেটেলাইট লাউন্স ভেহিকল সাজু হৈছে ইয়াৰ 51 সংখ্যক মহাকাশ অভিযানৰ বাবে ৷ মহাকাশযানখনত সংলগ্ন ৰকেটে আজি দিনৰ প্ৰায় 3 বজাত মহাকাশলৈ প্ৰেৰণ কৰিব 10 টা কৃত্ৰিম উপগ্ৰহ ৷ PSLV-C49 নামে এই অভিযানত EOS-01 মুখ্য কৃত্ৰিম উপগ্ৰহৰ লগতে 9টা অন্যান্য আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হ'ব ৷ শ্ৰীহৰিকোটাস্থিত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা একেলগে মুঠ 10টা কৃত্ৰিম উপগ্ৰহক এইদৰে মহাকাশলৈ প্ৰেৰণ কৰা হ'ব ৷
2020চনত কেন্দ্ৰটোৰ পৰা প্ৰক্ষেপণ কৰিবলগীয়া ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ এয়া প্ৰথমটো মহাকাশ অভিযান ৷ ইতিমধ্যে এই অভিযানৰ সকলো দিশ নিয়াৰিকৈ পৰিচালনা কৰিবৰ বাবে শ্ৰীহৰিকোটাত উপস্থিত হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰধান ড৹ শিৱন ৷ ইতিমধ্যে কোৰোণাৰ মাজতেই মহাকাশ কেন্দ্ৰটোৰ বিজ্ঞানীসকলে এই যাত্ৰাৰ সকলো দিশ সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে ৷ সমগ্ৰ অভিযানটোত প্ৰায় 26 ঘন্টা সময় লাগিব বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, এই অভিযানত মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া EOS-01 ভাৰতীয় উপগ্ৰহটো হৈছে RISAT-2BR2ৰ উন্নত ৰাডাৰ ইমেজিং সংস্কৰণ আৰু ইয়াক কৃষি, বন আৰু দুৰ্যোগ প্ৰশমণ নিৰীক্ষণ কাৰ্যত ছিনথেটিক এপাৰ্চাৰ ৰাডাৰৰ সহায়ত ফটো তুলিবলৈ ব্যৱহাৰ কৰা হ'ব ৷ বাকীসমূহ বিদেশী গ্ৰাহক উপগ্ৰহ NewSpace India Limitedৰ অনুজ্ঞাপত্ৰৰ সহায়ত কেন্দ্ৰীয় মহাকাশ বিভাগৰ সৈতে হোৱা চুক্তিৰ অধীনত এইসমূহ উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হ'ব ৷ ইয়াৰ ভিতৰত লিথুৱানিয়াৰ 1টা প্ৰযুক্তি উপগ্ৰহ, লাক্সেমবাৰ্গৰ 4টা সাগৰীয় অভিযানৰ উপগ্ৰহ আৰু আমেৰিকাৰ 4টা বহুজাতীয় দুৰসংযোগকাৰী উপগ্ৰহ আছে ৷
-
#ISRO #EOS01
— ISRO (@isro) November 7, 2020 " class="align-text-top noRightClick twitterSection" data="
All set for the launch of #PSLVC49 at 1502 hrs IST. Filling of oxidizer for the second stage (PS2) completed pic.twitter.com/19fuAklrPh
">#ISRO #EOS01
— ISRO (@isro) November 7, 2020
All set for the launch of #PSLVC49 at 1502 hrs IST. Filling of oxidizer for the second stage (PS2) completed pic.twitter.com/19fuAklrPh#ISRO #EOS01
— ISRO (@isro) November 7, 2020
All set for the launch of #PSLVC49 at 1502 hrs IST. Filling of oxidizer for the second stage (PS2) completed pic.twitter.com/19fuAklrPh
লগতে পঢ়ক : মানৱ অংগ কঢ়িয়াই নিয়া হেলিকপ্টাৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত