হোলী উৎসৱৰ আগমণৰ লগে লগে ঘৰে ঘৰে বজাৰৰ এক পৰ্ব আৰম্ভ হৈ পৰে ৷ নতুন বস্তু, সাজ-পোছাক আদি ক্ৰয় কৰা পৰিলক্ষিত হয় । এনে পৰিস্থিতিত যদি আপুনি নিজৰ বাবে বা আন কাৰোবাক উপহাৰ দিবৰ বাবে নতুন স্মাৰ্টফোনৰ ক্ৰয় কৰিব বিচাৰিছে তেন্তে আপুনি এইবাৰৰ হোলীৰ উৎসৱত Redmiৰ এই ফোনটো Amazonত অতি কম মূল্যত ক্ৰয় কৰিব পাৰে । ইয়াৰ বিষয়ে সবিশেষ জানো আহক-
যদি আপুনি বাজেট ফ্ৰেণ্ডলী স্মাৰ্টফোন ক্ৰয় কৰিব বিচাৰে তেন্তে Redmi 8A Dual আপোনাৰ বাবে এটা উত্তম বিকল্প হ’ব পাৰে । আজি আমি আপোনালোকক ইয়াৰ সৈতে জড়িত অফাৰবোৰৰ বিষয়ে ক'ম । যাৰ সহায়ত আপুনি এই ফোনটো মাত্ৰ ৪৯৯ টকাত কিনিব পাৰিব । এই অফাৰসমূহ জনাৰ পূৰ্বে এই ফোনটোৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জানো আহক-
Redmi 8A Dual ৰ স্পেচিফিকেশন
Redmi 8A Dual ত আপুনি 6.22 ইঞ্চি HD + ডট নটচ ডিছপ্লে পাব, যাৰ ৰিজ’লিউচন 1520 x 720 পিক্সেল আৰু 19: 9 এস্পেক্ট ৰেচিঅ’ আৰু 2.5D কাৰ্ভড গ্লাছ। আনহাতে প্ৰচেছৰৰ কথা ক’বলৈ গ’লে ইয়াত স্নেপড্ৰেগন ৪৩৯ অক্টা কোৰ প্ৰচেছৰ উপলব্ধ, য’ত আছে ২জিবি ৰেম আৰু ৩২জিবি ইণ্টাৰনেল মেম’ৰী ।
Redmi 8A Dual ৰ কেমেৰা
এই ফোনটোৰ কেমেৰাৰ কথা ক’বলৈ গ’লে ইয়াত আপুনি ডুৱেল কেমেৰা ছেটআপ পাইছে, য’ত আছে 13MP মেইন কেমেৰা আৰু 2MP ছেকেণ্ডাৰী কেমেৰা । ইয়াৰ উপৰিও এই ফোনত এটা 5000mAh লিথিয়াম-পলিমাৰ বেটাৰী উপলব্ধ । আপুনি এই ডিভাইচৰ বাবে 1 বছৰৰ মেনুফেকচাৰ ৱাৰেণ্টী আৰু বেটাৰীকে ধৰি ইন-বক্স এক্সেচৰিজৰ বাবে 6 মাহৰ মেনুফেকচাৰ ৱাৰেণ্টী পাব ।
লাভ কৰিব এই অফাৰ
এতিয়া যদি আমি এই ফোনটোৰ দামৰ কথা কওঁ, তেন্তে এই ফোনটো আমাজনত ৭,৯৯৯ টকাৰ মূল্যত তালিকাভুক্ত হৈছে । যিহেতু আমি ওপৰত উল্লেখ কৰিছো যে এই ফোনটো ৪৯৯ আপুনি ক্ৰয় কৰিব পাৰিব সেয়ে আপোনাৰ মনত প্ৰশ্নৰ উদয় হৈছে যে, কেৱল ৪৯৯ টকাত কেনেকৈ এই ফোন ক্ৰয় কৰিব পাৰি ?আপোনাক জনাই দিও যে ই-কমাৰ্চ চাইটটোৱে এই ফোনত ৭৫০০ টকাৰ এক্সচেঞ্জ অফাৰ লাভ আগবঢ়াইছে ।
যদি আপুনি এই অফাৰৰ সম্পূৰ্ণ ব্যৱহাৰ কৰে, তেন্তে আপুনি এই ফোনটো মাত্ৰ ৪৯৯ টকাত পাব । ইয়াৰ উপৰিও আপুনি EMI ৰ বিকল্প পাব, যিটো আপুনি ব্যৱহাৰ কৰিব পাৰে । ইয়াত আপুনি ৩৮২ টকাৰ প্ৰাৰম্ভিক ইএমআই বিকল্প পাব ।
লগতে পঢ়ক: Vivo V27 Launch: আৰ্কষণীয় বৈশিষ্ট্যৰ সৈতে মুকলি ফ্লেগশ্বিপ স্মাৰ্টফোন Vivo V27-V27 Pro