ETV Bharat / science-and-technology

Chandrayaan 3 mission: ২০২৩ চনত ISROয়ে আৰম্ভ কৰিব চন্দ্ৰযান-৩ অভিযান - চন্দ্ৰযান ৩

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROয়ে আগন্তুক বৰ্ষৰ জুন মাহত ইয়াৰ চন্দ্ৰযান-৩ (চি-৩) অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে। মহাকাশ সংস্থাটোৰ আটাইতকৈ গধুৰ ৰকেটত ৩৬ টা যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰাৰ পিছত দেওবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি ইছৰোৰ মুৰব্বী ড০ এছ সোমনাথে এই কথা ব্যক্ত কৰে(ISRO will launch the Chandrayaan 3 mission in June 2023) ।

ISRO will launch the Chandrayaan 3 mission in June 2023
২০২৩ চনত ISROয়ে আৰম্ভ কৰিব চন্দ্ৰযান-৩ অভিযান
author img

By

Published : Nov 6, 2022, 6:53 PM IST

নিউজ ডেস্ক, 11 নৱেম্বৰ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROয়ে আগন্তুক বৰ্ষৰ জুন মাহত ইয়াৰ চন্দ্ৰযান-৩ (চি-৩) অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে । মহাকাশ সংস্থাটোৰ আটাইতকৈ গধুৰ ৰকেটত ৩৬ টা যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰাৰ পিছত দেওবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি ইছৰোৰ মুৰব্বী ড০ এছ সোমনাথে এই কথা ব্যক্ত কৰে(ISRO will launch the Chandrayaan 3 mission in June 2023) ।

"চন্দ্ৰযান-৩ প্ৰায় সাজু । চূড়ান্ত একত্ৰীকৰণ আৰু পৰীক্ষা প্ৰায় সম্পূৰ্ণ হৈছে । তথাপিও, আৰু কিছুমান পৰীক্ষা বাকী আছে, সেয়েহে আমি এইটো অলপ পিছত কৰিব বিচাৰো। ফেব্ৰুৱাৰীত দুটা স্লট উপলব্ধ আছিল আৰু আনটো জুনত । আমি উৎক্ষেপণৰ বাবে জুন (২০২৩) স্লট ল'ব বিচাৰো ।" সংবাদ সংস্থা এএনআইৰ উদ্ধৃতি অনুসৰি ইছৰোৰ অধ্যক্ষজনে এনেধৰণে কয় ।

উল্লেখ্য যে, চন্দ্ৰযান-৩ অভিযানে চন্দ্ৰযান-২ (চি-২) অৰ্বিটাৰৰ ওপৰত নিৰ্ভৰ কৰিব। ই ইতিমধ্যে চন্দ্ৰৰ চাৰিওফালে কাম কৰি আছে । এই সপ্তাহৰ আৰম্ভণিতে ড০ সোমনাথে কৈছিল যে চন্দ্ৰযান-৩ অভিযান ইয়াৰ পূৰ্বৱৰ্তীৰ প্ৰতিকৃতি নহয় । তেওঁ লগতে কয় যে ইছৰোৱে চি-৩ক অধিক শক্তিশালী কৰি তুলিছে আৰু যোৱাবাৰৰ দৰে সমস্যা নাছিল । লক্ষণীয়ভাৱে, ২০১৯ চনৰ ছেপ্টেম্বৰত চন্দ্ৰযান-২ অভিযান বিফল হৈছিল কিয়নো অভিযানটোত থকা বিক্ৰম লেণ্ডাৰ চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল । চি-৩ অভিযানটো জিঅ'চিংক্ৰোনাছ লঞ্চ ভেহিকেল মাৰ্ক-৩ (জিএছএলভি এমকে-৩)ত আৰম্ভ কৰা হ'ব ।

মন কৰিবলগীয়া যে, দিনটোৰ আৰম্ভণিতে ইছৰোৱে ইয়াৰ আটাইতকৈ গধুৰ ৰকেট মাৰ্ক-৩ (এলভিএম3-এম2)ত ৩৬ টা যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰিছিল । অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা দেওবাৰে পুৱা ১২:০৭ বজাত ৱানৱেব নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ এই উপগ্ৰহসমূহ উৎক্ষেপণ কৰা হয়। ইছৰোৰ মুৰব্বীজনে এই সফল উৎক্ষেপণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে ।

লগতে পঢ়ক: মংগল গ্ৰহত পোৱা গ'ল পানীৰ সন্ধান: মংগল গ্ৰহ হ’ব নেকি মানুহৰ দ্বিতীয় বাসস্থান ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.