ETV Bharat / science-and-technology

বছৰৰ শেষলৈ বৈদ্যুতিক কাৰ তৈয়াৰ কৰাৰ পৰিকল্পনা হুৱেইৰ - চীনা টেক জায়ান্ট হুৱেই

চীনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি কোম্পানী, হুৱেইয়ে ইলেকট্ৰিক কাৰ তৈয়াৰ কৰাৰ পৰিকল্পনা হাতত লৈছে ৷ হুৱেইৰ নিজা ব্ৰেণ্ডৰ অধীনত এই কাৰ সমূহ বজাৰলৈ আহিব ৷ চলিত বছৰৰ শেষলৈ এই বৈদ্যুতিক কাৰৰ কেইটামান মডেল উন্মোচন হোৱাৰ সম্ভাৱনা আছে ৷

huawei plans to make electric cars before the end of this year
বছৰৰ শেষলৈ বৈদ্যুতিক কাৰ তৈয়াৰ কৰাৰ পৰিকল্পনা হুৱেইৰ
author img

By

Published : Mar 1, 2021, 6:12 PM IST

নিউজ ডেস্ক, 1 মাৰ্চ: চীনা টেক জায়ান্ট হুৱেই (Huawei) য়ে নিজা ব্ৰেণ্ডৰ অধীনত বৈদ্যুতিক কাৰ তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে আৰু চলিত বছৰৰ শেষৰ ভাগলৈ ইয়াৰ কিছু মডেল উন্মোচন হোৱাৰো সম্ভাৱনা আছে ৷

স্মাৰ্টফোনৰ পৃথিৱীত কোম্পানীটো আগুৱাই যোৱাৰ ক্ষেত্ৰত দায়িত্বত থকা তথা কোম্পানীটোৰ উপভোক্তা ব্যৱসায় গোটৰ মুৰব্বী ৰিচাৰ্ড য়ুৱে এইবাৰ তেঁওৰ মনোযোগ বৈদ্যুতিক কাৰলৈ লৈ স্থানান্তৰ কৰিব বুলি জানিব পৰা গৈছে ৷ বৈদ্যুতিক কাৰ প্ৰস্তুত কৰাৰ বাবে চাংগান অট'মবাইলৰ লগতে অন্যান্য অট'মেকাৰ সমূহৰ সৈতে হুৱেইয়ে বৰ্তমান কথা বাৰ্তা আগবঢ়াইছে বুলি সমগ্ৰ বিষয়টোৰ সৈতে জড়িত দুগৰাকী লোকৰ পৰা জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি বেইজিং ৰ BAIC গ্ৰুপৰ BluePark New Energy Technology ৰ সৈতেও বৈদ্যুতিক কাৰ তৈয়াৰ কৰাৰ বাবে হুৱেইয়ে কথা পতিছে ৷

উল্লেখ্য যে, চীনৰ অন্য এটা প্ৰযুক্তি কোম্পানী চাঅ'মিয়েও নিজৰ গাড়ী তৈয়াৰ কৰাৰ বাবে পৰিকল্পনা হাতত লৈছে আৰু এই বিষয়টোক এক কৌশলগত সিদ্ধান্ত হিচাপে বিবেচনা কৰিছে ৷ অৱশ্যে এই ক্ষেত্ৰত চাঅ'মিয়ে কেনেদৰে আগবঢ়াৰ বাবে সিদ্ধান্ত লৈছে সেই সন্দৰ্ভত সম্পূৰ্ণ পৰিকল্পনা এতিয়াও নিশ্চিত হোৱা নাই ৷ চাঅ'মিৰ বৰ্তমান চিইঅ' লেই জুনে এই প্ৰকল্পক নেতৃত্ব দিব বুলি জানিব পৰা গৈছে ৷ 2013 চনতেই লেই জুনে দুবাৰকৈ সংযুক্ত ৰাষ্ট্ৰলৈ গৈ Tesla ৰ চিইঅ' এলন মাস্কক সাক্ষাৎ কৰিছিল ৷ এতিয়া এই ক্ষেত্ৰত কোম্পানীটোৰ আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ ভাৰতীয় বজাৰতো অত্যাধুনিক বাহনৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি টাটা, মহিন্দ্ৰা আৰু অন্যন্য কোম্পানীসমূহেও বৈদ্যুতিক বাহন বজাৰলৈ উলিয়াই দেখা গৈছে ৷

লগতে পঢ়ক: স্মাৰ্টফোন ক্ৰয় কৰাৰ পূৰ্বে জানিবলগীয়া কেইটামান বিষয়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.