বিজ্ঞান আৰু প্ৰযুক্তি, 7 ডিচেম্বৰ: Reddit আৰু Apple Developer Forums ত বহু iPhone উপভোক্তাই তেওঁলোকৰ নৱীনতম সংযোজন iOS 14.2 আপডেটৰ সৈতে বহুতো বেটাৰী সমস্যাৰ বিষয়ে অভিযোগ কৰি আছে ৷ ইয়াৰ ভিতৰত ৰেপিড বেটাৰী ড্ৰেইনৰ সৈতে সামান্যৰ পৰা অধিক চাৰ্জৰ হোৱা সময়ো অন্তৰ্ভুক্ত হৈ আছে ৷
MacRumors ৰ মতে, প্ৰভাৱিত iPhone সকলো পুৰণি যেনে, iPhone XS, iPhone 7, iPhone 6S আৰু প্ৰথম পৰ্যায়ৰ iPhone SE ৰ দৰে কিছু পুৰণি ৷ 2018 iPad Pro চলমান iPadOS 14.2ৰ দ্বাৰা প্ৰভাৱিত বুলি কোৱা হৈছে ৷
একাংশ উপভোক্তাই অভিযোগ কৰিছে যে, তেওঁলোকৰ ডিভাইছসমূহত 30 মিনিটৰো কম সময়ৰ ভিতৰত 50 শতাংশৰো অধিক চাৰ্জ হ্ৰাস পায় ৷ সাধাৰণভাৱে ব্যৱহাৰ কৰাৰ মাথো কিছু মিনিটতে প্ৰায় 5 শতাংশৰো অধিক চাৰ্জ হ্ৰাস পায় ৷
"মই মোৰ iPhone 7+ টো iOS 14.2 লৈ আপডেট দিছিলো আৰু এতিয়া মই বেটাৰী ড্ৰেইনৰ দৰে সমস্যাৰ মুখামুখি হৈ আছো ৷ চাৰ্জ দিয়াৰ সময়ত ৱাৰ্মআপ হওতে বহু সময় লাগে" বুলি এগৰাকী উপভোক্তাই মন্তব্য কৰে ৷
আনহাতে আন এগৰাকীয়ে কয়, "মোৰ বেটাৰীৰ আয়ুস iOS 14.2 ত ভাল নহয় ৷ মোৰ বেটাৰীৰ আয়ুস আনন্দৰে মই উচৰ্গা কৰিছো... Apple দয়া কৰি মোৰ এই বাৰ্তাৰ সমস্যাটো ঠিক কৰি দিয়ক ৷"
iOS 14.2 আৰু iPadOS 14.2ৰ iOS 14.1 আৰু iPadOS 14.1 ৰ মাথো দুসপ্তাহ পাচতে আত্মপ্ৰকাশ হৈছিল ৷ অৱশ্যে IOS 14.3 আৰু iPadOS 14.3 ৰ তৃতীয় ডেভল'পাৰ আৰু public betas ইতিমধ্যে প্ৰকাশিত হৈছে ৷ সম্ভৱতঃ Apple এ লেই আপডেট সমস্যাৰ সমাধান কৰিব পাৰে ৷
লগতে পঢ়ক: নেপালে মঙলবাৰে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা