নিউজ ডেস্ক, 21 জানুৱাৰী : ভাৰতীয়সকলৰ বৈদ্যুতিক বাহনৰ সপোন পুৰন কৰিব আমেৰিকাৰ টেচলা মটৰছে ৷ ভাৰতত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়ি আহিছে টেচলা কোম্পানী ৷ চলিত বৰ্ষৰ শেষৰফালে অথবা 2022ৰ আৰম্ভনিত ভাৰতীয় বজাৰত উপলব্ধ হ’ব টেচলাৰ অতিকৈ বিক্ৰী হোৱা Model 3 বাহনখন ৷ ইয়াৰ উপৰিও ভাৰতীয় বজাৰত উপলব্ধ থাকিব টেচলাৰ দুটাকৈ মডেল, Model S আৰু Model X যিটো ভাৰতীয় বজাৰত 2022ৰ আৰম্ভনিত উপলব্ধ হ’ব ৷ Model 3 বাহনখন প্ৰায় 60 লাখৰ ভিতৰত ক্ৰয় কৰিব পাৰিব আৰু ইয়াক এবাৰ চাৰ্জ কৰিলে 568 কিলোমিটাৰ অনাসায়ে চলাব পাৰিব ৷
CarDekho.com নামৰ সংস্থাই বাহন তিনিখনৰ ভাৰতীয় মূল্যও প্ৰকাশ কৰিছে ৷ Model 3 বাহনখন 60 লাখৰ ভিতৰত মাৰ্চৰ ভিতৰত উপলব্ধ হ’ব ৷ Model S বাহনখন 1.5 কোটিৰ ভিতৰত জুলাইৰ ভিতৰত উপলব্ধ হ’ব ৷ আনহাতে Model X বাহনখন 2 কোটি দামেৰে 2022ৰ ভিতৰত উপলব্ধ হ’ব ৷ অৱশ্যে ভাৰতত কেতিয়ালৈ প্ৰৱেশ কৰিব তাৰ কোনো সময় আৰু তাৰিখ এতিয়ালৈকে প্ৰকাশ কৰা নাই টেচলাই ৷ অৱশ্যে বেংগালুৰুত সংস্থাটোৱে নিজৰ পঞ্জীকৃত কাৰ্যালয় স্থাপন কৰিছে ৷
CMR গ্ৰুপৰ IIGৰ প্ৰধান প্ৰভু ৰামে প্ৰকাশ কৰা অনুসৰি, ভাৰতত টেচলাৰ প্ৰৱেশে দেশৰ পৰিবহন খণ্ডটোক এক অনন্য মাত্ৰা প্ৰদান কৰিব ৷ "কম সময়ৰ ভিতৰত টেচলাৰ প্ৰৱেশে চৰকাৰৰ নীতিসমূহৰ লগতে ভাৰতত বৈদ্যুতিক বাহন নিৰ্মাণৰ খণ্ডটোক শক্তিশালী কৰিব ৷ নতুন পৰিবহন ষ্টাৰ্টআপৰ লগত বৈদ্যুতিক বাহনৰ আন্তঃগাঁথনি ক্ষীপ্ৰতাৰে উন্নত কৰি তুলিব ৷"
টেচলাই ইয়াৰ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰটো বেংগালুৰুত স্থাপন কৰি ভাৰতৰ বৈদ্যুতিক বাহন ব্যৱসায়ত প্ৰৱেশ কৰিছে ৷ কৰ্ণাটক চৰকাৰে টেচলাক ৰাজ্যখনত আহি ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনাইছিল ৷ টেচলাই মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতেও এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে ৷ টেচলাই ভাৰতত প্ৰৱেশ কৰিলে ভাৰত হ’ব এখন দেশ য’ৰ পৰা বাকী দেশসমূহে টেচলা বাহন ক্ৰয় কৰিব পাৰিব ৷ গ্ৰাহকেও টেচলাৰ দৃষ্টিনন্দন তথা শক্তিশালী বাহনখনৰ বাবে দীৰ্ঘসময় ধৰি অপেক্ষা কৰি আছে ৷
টেচলাৰ Model 3 বাহনখনে পথ সুৰক্ষা বিষয়ত সকলো ফালৰ পৰাই US NHTSA (National Highway Traffic Safety Administration)ৰ পঞ্চতাৰকাযুক্ত ৰেটিং লাভ কৰিছে ৷ এই বাহনখন সকলো চকা চালন, দ্বিমটৰযুক্ত 20 ইঞ্চি উৰ্বানটাৰ্বাইন চকাৰ লগতে সকলো পৰিৱেশতে খাপ খাব পৰা ব্ৰেক আৰু চাছপেন্সন প্ৰণালীৰ সৈতে সংযুক্ত ৷ কাৰ্বন ফাইবাৰে উচ্চ গতিত স্থিৰতা লাভত সহায় কৰাৰ লগতে 3.1 ছেকেণ্ডৰ ভিতৰত 0-96 কিলোমিটাৰ প্ৰতি ঘন্টা গতিবেগ লাভ কৰাত সহায় কৰে ৷ ছুপাৰচাৰ্জৰ সুবিধা থকা স্থানত 15 মিনিট চাৰ্জ কৰিলেই বাহনখন 280 কিলোমিটাৰ চলিবলৈ সক্ষম হয় ৷ অন্যান্য বাহনৰ বিপৰীতে টেচলাৰ ভিতৰভাগটো সমানেই আকৰ্ষণীয় ৷ নিজৰ স্মাৰ্টফোনটো এইখন বাহনত চাবি হিচাপে ব্যৱহাৰ কৰিব পাৰি লগতে চালকৰ সকলো নিয়ন্ত্ৰণ ভিতৰ ভাগত সংযুক্ত 15 ইঞ্চিৰ টাট্চস্ক্ৰীণত উপলব্ধ ৷ বাহনখনৰ উপৰভাগটো সম্পূৰ্ণ কাঁচেৰে নিৰ্মাণ কৰাৰ ফলত বাহনখন দেখাত আকৰ্ষণীয় হৈ পৰে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত এইখন বাহনৰ ৱাৰেন্টি সময়সীমা চাৰি বছৰ অথবা 50,000 মাইল (যিটো প্ৰথমে আহে) আৰু বেটাৰী ড্ৰাইভত ইয়াৰ ৱাৰেন্টি সময়সীমা 8 বছৰ অথবা 120,000 মাইল (যিটো প্ৰথমে আহে) ৷
ভাৰতৰ বৈদ্যুতিক বাহনৰ বজাৰখন 2027ৰ ভিতৰত প্ৰতিবৰ্ষত 63 লাখ ইউনিটলৈ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে ৷ India Energy Storage Alliance (IESA)ৰ এক শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ একেদৰেই বেটাৰিচালিত বাহনৰো চাহিদা সম-সময়ত সম-পৰিমানে বৃদ্ধি পাব বুলি কোৱা হৈছে ৷ 2019-20ত ভাৰতত বৈদ্যুতিক বাহনৰ বিক্ৰীৰ পৰিমান 3.8 লাখ ইউনিট আছিল আৰু বৈদ্যুতিক বাহনৰ বেটাৰীচালিত খণ্ডটো 5.4 GW লৈ বৃদ্ধি হৈছিল ৷ এনেকুৱা এক সম্ভাৱনাপূৰ্ণ খণ্ডত টেচলাৰ প্ৰৱেশে ভাৰতত ইয়াৰ বিকাশ ক্ষীপ্ৰ কৰি তুলিব ৷
ৰামে লগতে কয় যে, "বিগত দীৰ্ঘ-সময়ত ভাৰতে বৰ্তমানৰ পৰম্পৰাগত পৰিবহন ব্যৱস্থাটোৰ পৰা ওলাই আহি ই-পৰিবহন ব্যৱস্থাটোৰ এক শক্তিশালী ভেঁটি স্থাপন কৰিছে ৷ ভাৰতৰ হাতত থকা নিৰ্মাণকাৰী আৰু তথ্য প্ৰযুক্তি সক্ষমতাৰ সহায়ত দেশে সফলতাৰ দিশে আগবাঢ়িব আৰু কোভিডৰ পৰৱৰ্তী সময়ত বিশ্বক নেতৃত্ব প্ৰদান কৰিব ৷"
লগতে পঢ়ক : ছেটেলাইটৰ জৰিয়তে উত্তৰ - পূৰ্বাঞ্চলৰ উন্নয়নৰ তত্বাৱধান ড'নাৰ মন্ত্ৰণালয়ৰ