ETV Bharat / science-and-technology

Facebook: ফেচবুকৰ এলাৰ্ট ফিচাৰে প্ৰাণ ৰক্ষা কৰিলে শিক্ষাৰ্থীৰ

author img

By

Published : Sep 9, 2022, 10:52 PM IST

NEETৰ পৰিক্ষাৰ্থীয়ে পোষ্ট কৰিছিল আত্মহত্যাৰ কথা ৷ বৰ্তমান সময়ত উন্নতমানৰ টেকন'লজিৰ বাবে আৰক্ষীৰ দৃষ্টিগোচৰ হ'ল এই পোষ্ট ৷ প্ৰাণ ৰক্ষা পৰিল NEET পৰিক্ষাৰ্থীৰ(National Eligibility cum Entrance Test) ৷ সবিশেষ পঢ়ক...

Facebook alert saved the life of NEET examinee in UP
ফেচবুকৰ এলাৰ্ট ফিচাৰে প্ৰাণ ৰক্ষা কৰিলে শিক্ষাৰ্থীৰ

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: আত্মহত্যা কৰিবলৈ যোৱা এজন ছাত্ৰৰ জীৱন ৰক্ষা কৰিলে ফেচবুকে ! লক্ষ্ণৌৰ এগৰাকী NEET (National Eligibility cum Entrance Test) আকাংক্ষীয়ে, ছ’চিয়েল মিডিয়া চাইট ফেচবুকত জীৱন হেৰুৱাৰ বিষয়ে এটা পোষ্ট দিয়াৰ পিছত স্থানীয় আৰক্ষীৰ সহায়ত ফেচবুক এলাৰ্টে নীট আকাংক্ষীৰ জীৱন ৰক্ষা কৰে।

তথ্য অনুসৰি ফেচবুকে লক্ষ্ণৌৰ ডি জি পি মুখ্য কাৰ্যালয়ৰ ছ’চিয়েল মিডিয়া চেণ্টাৰলৈ এছ অ’ এছ (Save Our Souls) প্ৰেৰণ কৰি নীটৰ এজন প্ৰাৰ্থীয়ে বিষপান কৰি আত্নহত্যাৰ কথা উল্লেখ কৰিছে ।

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ সংশ্লিষ্ট পৰীক্ষাৰ্থীসকলৰ জীৱন ৰক্ষা কৰে । এনে এক অবিশ্বাস্য ঘটনা সম্ভৱ হৈছে উত্তৰ প্ৰদেশ আৰক্ষী আৰু এটা ছ’চিয়েল নেটৱৰ্কিং চাইটৰ মাজত হোৱা এক চুক্তিয়ে বাস্তৱ সময়ৰ সতৰ্কবাণী আৰু আত্মহত্যাৰ গোচৰৰ তদন্তৰ বাবে ব্যৱস্থা গ্ৰহণৰ জৰিয়তে বহুমূলীয়া জীৱন ৰক্ষাৰ বাবে ।

চুক্তি অনুসৰি আত্মহত্যা কৰাৰ উদ্দেশ্যে ছ’চিয়েল মিডিয়াত যিকোনো ব্যক্তিয়ে পোষ্ট কৰিলে নিজ নিজ ছাইটে আৰক্ষী কণ্ট্ৰ’ল ৰুমক সতৰ্ক কৰি দিব যাতে তেওঁ তাৎক্ষণিকভাৱে সহায় লাভ কৰিব পাৰে । আইন-শৃংখলা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কয় যে, এই তথ্য তৎক্ষণাত লক্ষ্ণৌ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক এনে গোচৰত কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

আত্মহত্যাৰ সৈতে জড়িত ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা পোষ্টবোৰত তৎকালীনভাৱে সঁহাৰি জনোৱাৰ লগতে এনে বাৰ্তা প্ৰেৰণ কৰা সকলৰ জীৱন ৰক্ষা কৰিবলৈ আমি সকলো আৰক্ষী কৰ্মীক নিৰ্দেশ দিছো । তেওঁ কয় যে ফেচবুকে আমাৰ সৈতে অংশীদাৰিত্ব কৰিছে যাতে আমি এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰো ।

এই ভিত্তিত ফেচবুকৰ এছ অ’ এছৰ পিছতে ততাতৈয়াকৈ আত্মহত্যা পোষ্ট কৰা ২৯ বছৰীয়া পৰীক্ষাৰ্থীজনৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিয়া হয় অতিৰিক্ত চি পি (পশ্চিম) চিৰঞ্জীৱ নাথ সিনহাক। কিন্তু বিষয়টোৱে এই কথা স্বীকাৰ কৰি আৰক্ষীক প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ ভৱিষ্যতে কেতিয়াও আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ নকৰে ।

আৰক্ষীৰ মতে, নীটত ব্যৰ্থ হোৱাৰ বাবে প্ৰাৰ্থীজন মানসিক চাপত আছিল । ফলত তেওঁ আত্মহত্যাৰ দৰে চৰম ব্যৱস্থা ল’বলৈ গৈ আছিল । আৰক্ষীয়ে তেওঁক এটা হেল্পলাইন নম্বৰ দিয়াৰ লগতে কোনো সমস্যা হ’লে ফোন কৰিবলৈ উৎসাহিত কৰে । আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, "যেতিয়াই কোনো ব্যক্তিয়ে আত্মহত্যাৰ বিষয়ে পোষ্ট কৰে, তেতিয়াই ফেচবুকে উত্তৰ প্ৰদেশ আৰক্ষীক সতৰ্ক কৰি দিয়ে । আৰক্ষীয়ে বিগত সময়ছোৱাত বহু লোকৰ জীৱন ৰক্ষা কৰিছে । শেহতীয়াকৈ প্ৰয়াগৰাজ আৰক্ষীয়ে এজন লোকৰ জীৱন ৰক্ষা কৰিছে ।"

স্পষ্টীকৰণ/তথ্যৰ বাবে যোগাযোগ কৰক

+৯১-১২০-৪৮২২৪০০

+৯১-৯৯১০৩৩১৫৫৬

লগতে পঢ়ক : আটাইতকৈ ধনী ব্যক্তি Elon Musk এ পুনৰবাৰ টাৰ্গেট কৰিলে টুইটাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.