ETV Bharat / science-and-technology

দুৰৱৰ্তী গ্ৰাহক ক্ষমতাসম্পন্ন য়াওগান-33 কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন চীনৰ

author img

By

Published : Jan 21, 2021, 3:39 PM IST

Updated : Feb 16, 2021, 7:53 PM IST

বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰিবলৈ মহাকাশলৈ চীনে পঠালে দুটাকৈ কৃত্ৰিম উপগ্ৰহ ৷

দুৰৱৰ্তী গ্ৰাহকক্ষমতাসম্পন্ন য়াওগান-33 কৃত্ৰিম উপগ্ৰহ উৎক্ষেপন চীনৰ

নিউজ ডেস্ক, 21 জানুৱাৰী : বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰিবলৈ চীনে শেহতীয়াকৈ মহাকাশলৈ প্ৰেৰণ কৰিছে এক দুৰৱৰ্তী গ্ৰাহক ক্ষমতা সম্পন্ন কৃত্ৰিম উপগ্ৰহ ৷ য়াওগান-33 নামে মহাকাশলৈ প্ৰেৰণ কৰা উপগ্ৰহটোৰ সৈতে এটা ক্ষুদ্ৰ আৰু অতিক্ষুদ্ৰ প্ৰযুক্তিগত পৰীক্ষণমূলক উপগ্ৰহও কক্ষপথলৈ প্ৰেৰণ কৰিছে চীনে ৷ দুয়োটা উপগ্ৰহৰ দ্বাৰা চীনে বৈজ্ঞানিক গৱেষণা, ভূ-সম্পদ জৰীপ, খেতিৰ শইচ গণনা আৰু দুৰ্যোগ প্ৰশমণ তথা ৰোধৰ কামত ব্যৱহাৰ কৰিব ৷

বিগত দেওবাৰে চীনৰ জিউকান উপগ্ৰহ প্ৰক্ষেপনস্থলীৰ পৰা ভাৰতীয় সময় অনুসৰি, নিশা প্ৰায় 11:44 বজাত মহাকাশলৈ প্ৰেৰণ কৰা হয় কৃত্ৰিম উপগ্ৰহ দুটা ৷ চীনৰ লং মাৰ্চ 4চি ৰকেটৰ দ্বাৰা দুয়োটা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হয় আৰু ৰকেটখনে সফলতাৰে দুয়োটা উপগ্ৰহ কক্ষপথত সংস্থাপিত কৰিবলৈ সক্ষম হয় ৷ এয়া ৰকেটখনৰ 357 সংখ্যক মহাকাশ অভিযান আছিল ৷

লগতে পঢ়ক : ৰিম’টযুক্ত Yaogan-33 উপগ্ৰহ মুকলি চীনৰ

Last Updated : Feb 16, 2021, 7:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.