নিউজ ডেস্ক, 11 অক্টোবৰ: ভাৰতত BoAtয়ে মুকলি কৰিছে boAtৰ নতুন boAt Wave Ultima স্মাৰ্টৱাচ । Boatৰ এই নতুন স্মাৰ্টৱাচটো boAt Wave Ultima Maxৰ এটা upgrade version বুলি উল্লেখ কৰা হৈছে । boAt Wave Ultimaত এটা ডাঙৰ, crack resistant ডিছপ্লে দিয়া হৈছে । boAt Wave Ultimaত আছে ১.৮ ইঞ্চিৰ ডিছপ্লে, যিটো HD ৰিজ’লিউচনৰ সৈতে আহে(Boat new smartwatch) ।
স্মাৰ্টৱাচত ১০০ৰো অধিক স্প’ৰ্টছ মোড দিয়া হৈছে
boAt Wave Ultima স্মাৰ্টৱাচত আছে এক ডাঙৰ লঘু ওজনৰ এলুমিনিয়াম এলয় স্কোৱাৰ ডায়েল(large lightweight aluminum alloy square dial)। boAtৰ স্মাৰ্টৱাচত থকা IP68য়ে ধূলি আৰু পানীৰ পৰাও ৰক্ষা কৰিব । যদি আমি ফিটনেছ ফিচাৰৰ কথা কওঁ, তেন্তে boAt Wave Ultimaত হাৰ্ট ৰেট মনিটৰ, SpO2 চেন্সৰ, স্লিপ মনিটৰ আৰু ষ্ট্ৰেছ ট্ৰেকাৰ দিয়া হৈছে । boAt Wave Ultima স্মাৰ্টৱাচত ১০০ৰো অধিক স্প’ৰ্টছ মোড আছে । স্মাৰ্টৱাচত এম্বিয়েণ্ট চাউণ্ড ডিটেকচন ফিচাৰো প্ৰদান কৰা হৈছে ।
স্মাৰ্টৱাচত দিয়া হৈছে 300 mAh বেটাৰী
boAt Wave Ultima স্মাৰ্টৱাচত বিল্ট-ইন এইচডি স্পীকাৰ আৰু মাইক্ৰ’ফোন আছে । কল ফাংচন আৰু উন্নত সংযোগৰ বাবে স্মাৰ্টৱাচত ব্লুটুথ ৫.২ দিয়া হৈছে । কোম্পানীটোৱে দাবী কৰিছে যে, ই সাধাৰণ ব্যৱহাৰত ১০ দিনৰ Battery life দিয়ে ।
একে সময়তে ব্লুটুথে কলিং কৰাৰ সময়ত ৩ দিনৰ বেটাৰী লাইফ দিয়ে । স্মাৰ্টৱাচটোত নটিফিকেচন, বতৰ আপডেট, সংগীত আৰু কেমেৰা নিয়ন্ত্ৰণৰ দৰে বৈশিষ্ট্য আছে, মোৰ ফোনটো বিচাৰি উলিয়াওক । boAt Wave Ultima স্মাৰ্টৱাচৰ মূল্য ২,৯৯৯ টকা বুলি জানিব পৰা গৈছে । ৰেজিং ৰেড, এক্টিভ ব্লেক আৰু টিল গ্ৰীণ ৰঙত উপলব্ধ এই স্মাৰ্টৱাচ । ফ্লিপকাৰ্ট আৰু boAtৰ অফিচিয়েল ৱেবছাইটৰ পৰা এই স্মাৰ্টৱাচ ক্ৰয় কৰিব পাৰিব ।