দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল লাইভ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 4:45 PM IST

Updated : Jan 16, 2024, 5:12 PM IST

thumbnail

গুৱাহাটী, ১৬ জানুৱাৰী: দিছপুৰৰ লোকসেৱা ভৱনত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজ্যৰ কেইবাটাও বিষয়কলৈ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ ৷ অসমৰ অসামৰিক সন্মান অসম সৌৰভ, অসম গৌৰৱ আৰু অসম বৈভৱ প্ৰদানৰ সন্দৰ্ভতো সংবাদমেলত ঘোষণাৰ সম্ভাৱনা ৷ ইফালে অহা 18 জানুৱাৰীৰ পৰা প্ৰদান কৰিব লগীয়া ‘‘লাখপতি বাইদেউ’’ আঁচনিৰ প্ৰ-পত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিব বুলি আশা কৰা হৈছে ৷ তাৰ লগতে ৰাহুল গান্ধীৰ অসম ভ্ৰমণ, ঋণ গ্ৰহণ, আগন্তুক লোকসভা নিৰ্বাচন, আলফা চুক্তিৰ দফা সমূহ ৰূপায়ন আদি বিষয় সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে আলোকপাত কৰাৰ সম্ভাৱনা আছে ৷ ইফালে উত্তৰ-কাছাৰ পাৰ্বত্য উন্নয়ন পৰিষদৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়, কাৰ্বি আংলঙলৈ ৰাষ্ট্ৰপতিৰ আগমন সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ সম্ভাৱনা আছে ৷ 

Last Updated : Jan 16, 2024, 5:12 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.