গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডাৰ সমাবেশ LIVE - জেপি নাড্ডা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-01-2024/640-480-20475273-thumbnail-16x9-kjcxzk.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 10, 2024, 3:44 PM IST
|Updated : Jan 10, 2024, 4:55 PM IST
গুৱাহাটী, 10 জানুৱাৰী: সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা ৷ গুৱাহাটী বিমান বন্দৰত বিজেপিৰ শীৰ্ষ নেতাগৰাকীক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰীসহ ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৷
মঙলবাৰে গুৱাহাটীত উপস্থিত হোৱা নাড্ডাই বুধবাৰে পুৱা দলীয় নেতৃত্বৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন কৰে ৷ এই মূহুৰ্তত বিজেপিৰ এক ৰেলীত অংশগৰ্হণ কৰা দেখা গৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে ৷
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ অহা জেপি নাড্ডাই অসম বিজেপিৰ কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰিব ৷ ইয়াৰ পিচতে দলৰ কেবাগৰাকীও জ্যেষ্ঠ নেতাৰ সৈতে দলৰ জ্যেষ্ঠ নেতাগৰাকী আলোচনাত মিলিত হোৱাৰো সম্ভাৱনা আছে ৷ আগন্তুক নিৰ্বাচনত টিকটৰ ভাগ-বাটোৱাৰাৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা আছে জেপি নাড্ডাই ৷