ETV Bharat / lifestyle

বিশ্ব অংগদান দিৱস 2021: কোনে অংগদান কৰিব পাৰে আৰু কোনে নোৱাৰে !

author img

By

Published : Aug 13, 2021, 7:46 AM IST

Updated : Aug 13, 2021, 9:13 AM IST

আজি বিশ্ব অংগদান দিৱস ৷ সমগ্ৰ বিশ্বতে লোকসকলৰ মাজত অংগদান সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবেই 13 আগষ্টৰ দিনটো বিশ্ব অংগদান দিৱস হিচাপে পালন কৰা হয় ৷

World Organ Donation Day 2021
বিশ্ব অংগদান দিৱস 2021: কোনো অংগদান কৰি পাৰে আৰু কোনে নোৱাৰে !

নিউজ ডেস্ক, 13 আগষ্ট : সমগ্ৰ বিশ্বতে হাজাৰ হাজাৰ লোকক হৃদযন্ত্ৰ, হাওঁফাওঁ, কিডনী, চকু আদিৰ দৰে গুৰুত্বপূৰ্ণ অংগৰ আৱশ্যক ৷ কিন্তু এই জীৱন দায়িনী অংগমূহৰ যোগান প্ৰয়োজন অনুপাতে কম ৷ ইয়াৰ মূল কাৰণ অংগদান সন্দৰ্ভত ৰাইজৰ মাজত সজাগতাৰ অভাৱ ৷ গতিকে বিশ্ব অংগদান দিৱসৰ মূল লক্ষ্যই হ’ল অধিক সংখ্যক লোকক সুস্থ অংগদানৰ বাবে উৎসাহিত কৰা ৷

যদি বেছি সংখ্যক লোক অংগদাতা হিচাপে আগুৱাই আছে তেন্তে এনে বহু লোকৰ জীৱন ৰক্ষা পৰিব যিকলে অংগ বিকল হোৱাৰ বাবেই মৃত্যুমুখত পৰিবলগীয়া হয় ৷

কোনে অংগ দান কৰিব পাৰে ?

অংগ দানৰ ক্ষেত্ৰত বয়সৰ কোনো সীমা নাই ৷ গতিকে যিকোনো বয়সৰ লোকেই অংগদানৰ বাবে আগুৱাই আহিব পাৰে ৷ যদি 18 বছৰৰ তলৰ তোনে কিশোৰ-কিশোৰী বা শিশুৱে অংগদান কৰিব বিচাৰে তেন্তে এই ক্ষেত্ৰত তেওঁলোকৰ অভিভাৱকৰ সন্মতিৰ প্ৰয়োজন ৷

যদি মৃত্যুৰ পিছত অংগদানৰ বাবে পঞ্জীয়ণ কৰা হয় তেন্তে লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় যাতে ট্ৰাঞ্চপ্লান্ট (Transplant) কৰা দলটোৱে ব্যক্তিগৰাকীৰ লগতে দান কৰা অংগটো সুস্থ নে সেয়া জানিব পাৰে ৷ মৃত্যুৰ পিছত কৰা অংগদানক ‘cadaver donation’ বুলি কোৱা হয় ৷

ইয়াৰ বাহিৰেও আন এটি প্ৰকাৰৰ অংগদান হ’ল ব্যক্তি এজনে জীৱিত অৱস্থাতে কৰা অংগদান ৷ এইধৰণৰ অংগদান কেৱল কিছুমান অংগৰ বাবে সীমিত থাকে যেনে কিডনী ৷ কাৰণ এইক্ষেত্ৰত এটা অংগ দান কৰিলেও আনটোৰে ব্যক্তিগৰাকী জীয়াই থাকিব পাৰে ৷ ইয়াৰ উপৰিও এই ধৰণৰ অংগসমূহ পুনৰ বিকাশৰ সম্ভাৱনা থাকে ৷

কোনে কোনে অংগদান কৰিব নোৱাৰে?

HIV, কেনচাৰ আদি ৰোগৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তিয়ে মৃত্যুৰ পিছত অংগদান কৰিব নোৱাৰে ৷ কাৰণ এই ৰোগসমূহ সক্ৰিয়ভাৱে বিয়পে ৷ জীৱত অৱস্থাত অংগ দানৰ ক্ষেত্ৰতো মধুমেহ, কিডনী অথবা হৃদৰোগত আক্ৰান্ত ৰোগী, HIV, কেনচাৰ আদি ৰোগত আক্ৰান্ত ৰোগীয়ে অংগদান কৰিব নোৱাৰে ৷

ৰাষ্ট্ৰীয় অংগদান দিৱস

13 আগষ্টক ‘বিশ্ব অংগদান দিৱস’ (World Organ Donation Day) হিচাপে উদযাপনৰ সমান্তৰালকৈ ভাৰতেও প্ৰতিবছৰে 27 নৱেম্বৰক ‘ৰাষ্ট্ৰীয় অংগদান দিৱস’ (National Organ Donation Day) হিচাপে উদযাপন কৰে ৷

লগতে পঢ়ক : বিশ্ব অংগদান দিৱস আৰু আপুনি নজনা বহু কথা

Last Updated : Aug 13, 2021, 9:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.