ETV Bharat / lifestyle

শৰীৰৰ বাবে অধিক শক্তি বৰ্ধক নবিধ সুষম আহাৰ

author img

By

Published : Jul 23, 2020, 8:33 PM IST

দিনটোৰ ব্যস্ততাৰ অন্তত বহু সংখ্যক মানুহেই অধিক ভাগৰুৱা হৈ পৰা দেখিবলৈ পোৱা যায় । দেহত প্ৰয়োজনীয় উপাদানৰ অভাৱ ঘটি শক্তি হ্ৰাস হৈ অহাৰ ফলত পুনৰ কাম কৰিবলৈ এক ভাগৰুৱা অনুভৱ উপলব্ধি কৰা হয়। অৱশ্যে এনে ভাগৰুৱা অৱস্থাক পুনৰ সক্ৰিয় কৰি দেহটো সৱল কৰি তুলিবৰ বাবে আছে বহুকেইবিধ শক্তিবৰ্ধক খাদ্য যি অতি সহজতে উপলব্ধ ।

9-amazing-energy-boosting-foods
শৰীৰৰ বাবে অধিক শক্তি বৰ্ধক নবিধ সুষম আহাৰ

নিউজ ডেস্ক,২৩জুলাই: ধৰি লওক,আপোনাৰ যিকোনো এটা কাম কৰিবলৈ মনটো আছে কিন্তু কৰিবলৈ শক্তি নাই । এই অৱস্থা হয়তো আপুনি খোৱা কোনো অজীৰ্ণ খাদ্য বস্তুৰ বাবে হ'ব পাৰে অথবা দেহত প্ৰয়োজনীয় উপাদানৰ অভাৱত শক্তি কমি অহাৰ বাবে এনে হ'ব পাৰে । এনে সময়ত আপোনাৰ এই ভাগৰ লাঘৱ কৰি দেহটো পুনৰ সতেজ কৰি তুলিবৰ বাবে আছে কেইবিধমান অধিক শক্তিবৰ্ধক খাদ্য । তলত কেইবিধমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হ'ল,যি আপোনাক কম সময়তে অধিক শক্তিবৰ্ধক কৰি দেহটো সতেজ কৰি তুলিব ।

কল: বহু খেলুৱৈয়ে খেলৰ মাজত কল খোৱা হয়তো আপুনি প্ৰত্যক্ষ কৰিছে । কাৰণ কলে কম সময়ৰ ভিতৰতে বহুকেইবিধ প্ৰয়োজনীয় উপাদান যোগান ধৰি দেহটোক কৰি তুলে অধিক সতেজ । কলত ফাইবাৰ,ভিটামিন B6,পটাচিয়াম অধিক পৰিমাণে থকাৰ ফলত ইয়াক ভক্ষণ কৰিলে শীঘ্ৰে দেহটো অধিক শক্তিশালী হৈ উঠে ।

আপেল: দৈনিক এটাকৈ আপেল খাওক আৰু চিকিৎসকৰ পৰা আঁতৰত থাকক । আপেলত কাৰ্বছ,ফাইবাৰ তথা প্ৰাকৃতিক ভাৱে তৈয়াৰী শৰ্কৰা অধিক মাত্ৰাত থাকে,যি দীৰ্ঘ সময়য়লৈকে দেহটোক অধিক শক্তি বৰ্ধক কৰি ৰাখে ।

পানী: অক্সিজেনৰ দৰে পানীও মানৱ শৰীৰৰ বাবে সমানেই প্ৰয়োজনীয়। প্ৰয়োজনীয় পানীৰ অভাৱত শৰীৰত জলবিয়োজন (Dehydration) হ'ব পাৰে, ফলত শৰীৰ অৱশ হৈ পৰিব । সেয়েহে প্ৰয়োজনীয় পানী পান কৰিলে আপোনাৰ শৰীৰ শক্তিশালী হৈ উঠিব,ফলত শৰীৰ জলযোজিত (Hydrated) হৈ অৱসাদ আঁতৰাই পেলাব ।

কফি: পুৱাতেই এটা পচণ্ড গোৰ । কফিত ক'ফিন থাকে । ই এনে এটা যৌগ যি আপোনাৰ মনটোক সজাগ কৰি ৰখাৰ লগতে যিকোনো কাম কৰাৰ ক্ষেত্ৰতো অধিক শক্তি যোগান ধৰে । কফিয়ে আপোনাৰ দেহ মন দুয়োটাকে অধিক দৃহ আৰু সজাগ কৰি ৰাখে । কিন্তু অধিক পৰিমাণৰ কফি পান কৰিলে আপোনাৰ টোপনিত বাধা আহিব পাৰে আৰু লগতে শৰীৰটোক নাৰ্ভাচ কৰি তুলিব পাৰে ।

ষ্ট্ৰবেৰি: ষ্ট্ৰবেৰিয়ে প্ৰাকৃতিক ভাৱে উৎপাদিত শৰ্কৰা,কাৰ্বছ আৰু ফাইবাৰ যোগান ধৰাৰ ফলত দেহত শক্তিৰ পৰিমাণ বঢ়াত অধিক সহায়ক হয় । ইয়াত থকা এণ্টি অক্সিডেণ্টে ভাগৰৰ লগত যুঁজিবলৈ দেহক শক্তি প্ৰদান কৰাৰ বাহিৰেও দেহটো অধিক শক্তি বৰ্ধক কৰি তোলে । দেহক অধিক শক্তি বৰ্ধক কৰি তোলাত এইবিধ ফলো অন্যত্বম ।

পপকৰ্ণ: ইয়াত কম কেলৰিৰ স্নেক ফাইবাৰ আৰু কাৰ্বছ অধিক পোৱা যায় । এই দুই উপাদানে দেহত শক্তিৰ পৰিমাণ বৃদ্ধিত বহুখিনি কাম কৰে । ইয়াৰ বাহিৰেও পপকৰ্ণৰ কেলৰীৰ উপাদান পটেট' চিপচতকৈ কম ।

ডাৰ্ক চকলেট: চকলেট প্ৰেমী সকলৰ ভাৱে ভাল খবৰ এয়ে যে,ডাৰ্ক চকলেট সেৱন কৰাৰ ফলত দেহত বহু পৰিমাণৰ শক্তি পাব পাৰি। ইয়াত মিল্ক চকলেটৰ তুলনাত মিঠা সামান্য কম থাকে যদিও ক'কৰ পৰিমাণ অধিক হোৱাৰ বাবে ইয়াত এণ্টি অক্সিডেণ্টৰ মাত্ৰা অধিক দেখিবলৈ পোৱা যায়। ফলত দেহত শক্তিৰ পৰিমাণ বৃদ্ধি পায় । বিশেষকৈ ডাৰ্ক চকলেটে ভাগৰ আঁতৰোৱাৰ লগতে মনটোক পাতল কৰি ৰখাত সহায় কৰে ।

বাদাম: বিশেষকৈ কাজু,আখৰোট ইত্যাদি বাদাম সমূহত কাৰ্বছ,প্ৰটিন আৰু সুস্বাস্থ্যৰ চৰ্বি থকাৰ বাবে ই শৰীৰটোৰ বাবে বহুখিনি সহায়ক হয়। তাৰোপৰি ইয়াত বহু পৰিমাণৰ এণ্টি অক্সিডেণ্ট থকাৰ বাবে শৰীৰৰ শক্তি বৰ্ধনতো সহায়ক হয় ।

সেউজীয়া শাক পাচলি: পালেং শাকৰ দৰে সেউজীয়া পাচলি সমূহত বিশেষকৈ আইৰণ আৰু বিভিন্ন পুষ্টিজাত উপাদান অধিক পৰিমাণত পোৱা যায় । তাৰোপৰি সেউজীয়া শাক পাচলিত ফাইবাৰ আৰু এণ্টি অক্সিডেণ্ট পৰ্যাপ্ত পৰিমাণে থাকে যি দেহৰ শক্তি বৰ্ধনত অধিক সহায়ক হয় । উল্লেখ্য যে,সাধাৰণতে আইৰণৰ অভাৱত দেহাটো অধিক ভাগৰুৱা হৈ পৰে ।

এইকেইবিধ সুষম আহাৰৰ উপৰিও কমলা, মৌচাম্বি,কণী,দৈ,ওটমিল,বীন তথা ব্লেক টিতো পোৱা যায় বহু পৰিমাণৰ শক্তিবৰ্ধক উপাদান।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.