নিউজ ডেস্ক, 16 অক্টোবৰ : বহু লোকে বিভিন্ন সময়ত বিভিন্ন কাৰণত নিশা আহাৰৰ পিছতো ভোক অনুভৱ কৰে ৷ ইয়াৰ কাৰণ হ’ব পাৰে কামৰ সময়, অৱসাদ, চিন্তা আৰু যদিহে আপুনি কম পৰিমাণে বা সোনকালে নৈশ আহাৰ গ্ৰহণ কৰে ৷ আপুনি নিশা আহাৰ গ্ৰহণ কৰাৰ পিছত পুনৰ খোৱা উচিত নে অনুচিত আৰু যদি উচিত তেন্তে কেনেধৰণৰ খাদ্য খাব লাগে ইয়াকে লৈ যথেষ্ট বিতৰ্ক হৈ আহিছে ৷ নিশা আহাৰৰ পিছত কেনেধৰণৰ খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী নহয় বাবে আপুনি শকত নহয় এই সন্দৰ্ভত Dietitian আৰু Nutritionist চাকিন মুষ্টানচিৰে কি কয় জানো আহক
বেৰি (Berries)
![8-healthy-late-night-snacks-to-binge-on](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13369248_2.jpg)
বেৰিত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, যিয়ে আপোনাক ভোক অনুভৱ হ’বলৈ নিদিয়ে ৷ ইয়াৰ উপৰিও ইয়াত থকা মেগনেছিয়াম আৰু মিনাৰেলছে স্নায়ুক আৰাম প্ৰদান কৰাৰ লগতে মাংসপেশীৰ সঞ্চালনত সহায় কৰে ৷
পিনাট বাটাৰ চেণ্ডউইছ (Peanut butter Sandwich)
![8-healthy-late-night-snacks-to-binge-on](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13369248_4.jpg)
পিনাট বাটাৰত থকা ট্ৰিপ্ট’ফেনে মগজুত মেলাটোনিনলৈ ৰূপান্তৰিত কৰে যিয়ে টোপনি অহাত সহায় কৰে ৷ ট্ৰিপ্টোফেন মগজুৰ বাবে অধিক উপলব্ধ কৰাৰ বাবে ব্ৰেডৰ দৰে কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন । সেয়েহে পিনাট বাটাৰ ব্ৰেড হৈছে টোপনিৰ আগৰ জলপানৰ বাবে সঠিক খাদ্য আৰু লগতে পুষ্টিকৰ ৷
হোল গ্ৰেইন ক্ৰেকাৰ (Whole-grain crackers)
![8-healthy-late-night-snacks-to-binge-on](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13369248_6.jpg)
নিশা যেতিয়া কিবা সুস্বাদু আৰু চটপটা খাবলৈ মন যায় তেতিয়া এয়া কামত আহিব পাৰে ৷ overeating নহ’বলৈ ধ্যান ৰাখিব ক্ৰেকাৰসমূহ যাতে নিমখীয়া নহয় ৷
গাজৰ আৰু হামুচ (hummus)
![8-healthy-late-night-snacks-to-binge-on](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13369248_8.jpg)
যদি আপুনি কিবা চটপটা আৰু কম কেলৰিযুক্ত খাদ্য খাবলৈ বিচাৰে, তেন্তে হামুচৰ (hummus) সৈতে সতেজ গাজৰ উত্তম খাদ্য ৷
পপকৰ্ণ
![8-healthy-late-night-snacks-to-binge-on](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13369248_5.jpg)
পপকৰ্ণ এই খাদ্যৰ তালিকাত ৰাখিব পাৰে ৷ ই হাই ফাইবাৰযুক্ত জলপান, যি আপোনাক বহু দীঘলীয়া সময়ৰ বাবে ভোক অনুভৱ হ’বলৈ নিদিয়ে ৷ পপকৰ্ণৰ সৈতে বাটাৰ আৰু নিমখৰ সলনি অলিভ অইল আৰু green herbs ব্যৱহাৰ কৰক ৷
বাদাম (Nuts)
![8-healthy-late-night-snacks-to-binge-on](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13369248_1.jpg)
walnuts, almond আদিত প্ৰাকৃতিক মেলাটনিন, প্ৰ’টিন আৰু মেগনেছিয়াম থাকে ৷ সামান্য মুঠি বাদামে ভোক পূৰণ কৰিব আৰু টোপনি আনিব ।
ভজা বুট (Roasted Grams)
![8-healthy-late-night-snacks-to-binge-on](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13369248_7.jpg)
ৰোষ্টেড গ্ৰামছ (Roasted Grams) হৈছে এক চটপটা, পুষ্টি-ঘন, কম কেলৰিযুক্ত জলপান, য'ত প্ৰ'টিন, আঁহ, ভিটামিন আৰু খনিজ পদাৰ্থ অধিক থাকে ৷ যি ইয়াক আলু চিপছৰ দৰে নিমখীয়া লঘু আহাৰৰ এক স্বাস্থ্যকৰ বিকল্প কৰি তোলে ।
কম চৰ্বিযুক্ত হালধি দিয়া গাখীৰ (Low-Fat turmeric Milk)
![8-healthy-late-night-snacks-to-binge-on](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13369248_3.jpg)
গাখীৰত কেলছিয়াম, ফছফৰাছ, ভিটামিন বি, পটাছিয়াম, ভিটামিন ডি আৰু দৰে নিউট্ৰিয়েণ্ট থাকে ৷ গাখীৰত হালধি মিহলি কৰিলে ই আপোনাৰ শৰীৰক আৰাম প্ৰদান কৰে ৷ তদুপৰি মগজুক শান্ত কৰি ৰাখে আৰু আপোনাক এটি সুখ নিদ্ৰা প্ৰদান কৰে ৷
লগতে পঢ়ক : আপুনি গ্ৰহণ কৰা আটা বা পিঠাগুড়িৰ বিষয়ে জানিবলগীয়া কিছু কথা