নিউজ ডেস্ক, 19 মে‘ : ভাৰতৰ জনপ্ৰিয় লিখক ৰাস্কিন বন্ডে মঙলবাৰে তেখেতৰ 86 সংখ্যক জন্মদিন উদযাপন কৰে ৷ ৰাস্কিন বন্ডে কেবাখনো জনপ্ৰিয় উপন্যাস, চুটিগল্প সংকলন আৰু বাস্তৱিক ঘটনা সম্বলিত পুথি লিখি ভাৰতীয় সাহিত্যলৈ অনবৈদ্য অৱদান আগবঢ়াইছে ৷
উল্লেখ যে, বয়োজ্যেষ্ঠ লিখক গৰাকীয়ে 1999 চনত পদ্মশ্ৰী আৰু 2014 চনত পদ্মভুষণ বঁটা লাভ কৰে ৷ 86 সংখ্যক জন্মদিনৰ দিনটোত তেখেতে অনুৰাগী আৰু শুভাকাঙ্খী সকলক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জনায় ৷ তদুপৰি লক ডাউন চলি থকাৰ বাবে নিজৰ অনুৰাগীৰ সৈতে জন্মদিন উদযাপন কৰিব নোৱাৰাৰ বাবেও দুখ প্ৰকাশ কৰে ৷
অনুৰাগী সকললৈ বাৰ্তা প্ৰেৰণ কৰি চৰকাৰে লক ডাউন সন্দৰ্ভত দিয়া নিৰ্দেশনা সমূহক পালন কৰিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : আজি ভয়াবহ ঘূৰ্ণীবতাহলৈ ৰূপান্তৰিত হ'ব 'আমফান' !