নিউজ ডেস্ক, 8 নৱেম্বৰ : কৰ্ণাটকৰ হাভৰি জিলাৰ হাঙ্গাল তালুকৰ এজন 26 বছৰীয়া যুৱকে এগৰাকী 48 বছৰীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ তথ্য আহি পৰিছে ৷

জানিব পৰা মতে, মহিলাগৰাকী দাভানাজৰে জিলাখনৰ চন্নাজিৰি তালুকৰ বাসিন্দা আছিল । 1 নৱেম্বৰত অভিযুক্ত গৰাকীয়ে মহিলা গৰাকীক তেওঁৰ বাইকত বন অঞ্চললৈ লৈ গৈ জঘন্য কাণ্ডটো সংঘটিত কৰা বুলি নিজমুখে আৰক্ষীক জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, আৰক্ষীয়ে বৰ্তমান আটক কৰিছে অভিযুক্তক ৷
লগতে পঢ়ক : আমেৰিকানসকলে এক নতুন দিগন্তৰ সূচনা কৰিলে : কমলা হেৰিছ