ETV Bharat / jagte-raho

বিশ্বনাথত আটক চোৰাং চিকাৰী - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন

বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ অধীনস্থ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ এটা বৃহৎ দলে দুটা কুখ্যাত চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় । গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত আটক কৰে চোৰাং চিকাৰী দুজনক ৷

two-poachers-arrested-in-bishwanath
বিশ্বনাথত দুধৰ্ষ চোৰাং চিকাৰী আটক
author img

By

Published : Dec 13, 2020, 8:32 PM IST

বিশ্বনাথ, 13 ডিচেম্বৰ : শনিবাৰে পুৱতি নিশা বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ অধীনস্থ কেন্দ্ৰীয় বনাঞ্চলিক কাৰ্যালয়ৰ এটা বৃহৎ দলে গোপন তথ্যৰ পম খেদি দুটা চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় । বিশ্বনাথৰ পানীভৰালৰ ননকে চাপৰিৰ ফুল মহম্মদ (40) আৰু বিশ্বনাথৰ পাভৈৰ মুগাচাং গাঁৱৰ সম্ভুজিৎ নাৰ্জাৰী (35)য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত পলকটা চাপৰিৰ পৰা নিশা প্ৰায় 2 বজাত গঁড় হত্যাৰ পৰিকল্পনা কৰি থকা খবৰ লাভ কৰিছিল বন বিভাগে ।

two-poachers-arrested-in-bishwanath
বিশ্বনাথত আটক চোৰাং চিকাৰী

লগতে পঢ়ক : পেৰিছ চুক্তিত অগ্ৰগতিৰ দিশে ভাৰত

এই খবৰৰ ভিত্তিত বন বিভাগৰ এটা দলে অতি কৌশলেৰে অভিযান চলাই চোৰাং চিকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা সময়ত ঘটনাস্থলীৰ পৰা আন দুজন চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয় বুলিও বন বিভাগে জানিবলৈ দিয়ে । আটকাধীন দুই চোৰাং চিকাৰীৰ পৰা বন বিভাগে এটা হস্ত নিৰ্মিত বন্দুক, তিনি জাই হস্ত নিৰ্মিত গুলি, এখন দা, 50 গ্ৰাম বাৰুদ আৰু দুটা ম'বাইল জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : বৰপেটাত অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.