ETV Bharat / jagte-raho

লকডাউনৰ সময়ত সুৰা যোগান ধৰি গ্ৰেপ্তাৰ দুজন - সুৰা যোগান ধৰি গ্ৰেপ্তাৰ দুই

সমগ্ৰ দেশত চলি থকা লকডাউনৰ মাজতে অবৈধ সুৰা যোগান ধৰি গ্ৰেপ্তাৰ হয় দুগৰাকী লোক ৷ দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকদুজনৰ পৰা এখন বাহনকে ধৰি 884টা অবৈধ সুৰাৰ বটল জব্দ কৰে ৷

লকডাউনৰ সময়ত সুৰা যোগান ধৰি গ্ৰেপ্তাৰ দুজন

author img

By

Published : Apr 8, 2020, 10:19 AM IST

নিউজ ডেস্ক, 8 এপ্ৰিলঃ সমগ্ৰ দেশত অব্যাহত আছে লকডাউন ৷ লকডাউনৰ সময়তে ৰাইজৰ মাজত অভাৱ ঘটিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ ৷ এনে অৱস্থাত অবৈধ সুৰা যোগান ধৰি আৰক্ষীৰ আলহী হয় দুগৰাকী লোক ৷ দেশৰ ৰাজধানীত সংঘটিত হয় এই ঘটনা ৷

দিল্লী আৰক্ষীয়ে অবৈধ সুৰা যোগান ধৰা অপৰাধত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দুগৰাকী লোকক ৷ ধৃত লোকদুজন বাবলু (25) আৰু মনু (21) বুলি প্ৰকাশ কৰিছে দিল্লী আৰক্ষীয়ে ৷ দিল্লীৰ বিকাশ নগৰৰ বাসিন্দা এই দুগৰাকী লোকে লকডাউনৰ সময়তে আৰক্ষীৰ চকুত ধুলি দি লোকসকলক অতিৰিক্ত মূল্যত অবৈধভাৱে সুৰাৰ যোগান ধৰি আহিছিল ৷

দিল্লী আৰক্ষীৰ এটা তহলদাৰী দলৰ সৈতে ৰানহোলা নগৰত মুখামুখি হয় দুয়োগৰাকীৰ ৷ কিন্তু আৰক্ষীক দেখি ৰৈ যোৱাৰ পৰিৱৰ্তে উক্ত স্থা্নৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে দুয়ো ৷ এনে অৱস্থাত আৰক্ষীয়ে দুয়োকে পিচে পিচে খেদি গৈ কৰায়ত্ত কৰে ৷ দুয়োকে কৰায়ত্ত কৰাৰ পিচতে তেওঁলোকৰ গাড়ীৰ পৰা আৰক্ষীয়ে 884টা সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.