ETV Bharat / jagte-raho

সংখ্যালঘু ছাত্ৰ জলপানিৰ কেলেংকাৰীঃ জালত গ্ৰাহক সেৱা কেন্দ্ৰৰ দুই স্বত্বাধিকাৰী

author img

By

Published : Aug 30, 2020, 7:08 PM IST

সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধন কেলেংকাৰ কৰি আৰক্ষীৰ জালত দুজন লোক ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক জেৰা অব্যাহত আৰক্ষীৰ ৷

Two CSP Woners Arrested By Police At Nagaon
কেলেংকাৰীঃ আৰক্ষীৰ জালত গ্ৰাহক সেৱা কেন্দ্ৰৰ দুই স্বত্বাধিকাৰী

নগাঁও,30 আগষ্টঃ নগাঁৱত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ ধন বিতৰণত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে । ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ দুই স্বত্বাধিকাৰী।

উল্লখ্য যে, সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলাপানীৰ ধনৰ বৃহৎ কেলেংকাৰী সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত । আৰক্ষীৰ তদন্তত ইতিমধ্যে নগাঁও আৰক্ষীৰ জালত পৰিছে ছাত্ৰ-ছাত্ৰীৰ নামত অহা ধনৰ বৃহৎ কেলেংকাৰী সংঘটিত কৰা বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ দুই স্বত্বাধিকাৰী । ভাৰতীয় ষ্টেট বেংকৰ হয়বৰ গাঁও শাখাৰ অধীনত CSP ৰ জৰিয়তে লুণ্ঠন অব্যাহত ৰাখিছিল ৰূপহীহাটৰ উত্তৰ খাটোৱালৰ আছাদুল হক আৰু দক্ষিণ খাটোৱালৰ ওৱাহিদ উজ জামান নামৰ লোক দুজনে ।

ধৃত দুয়োজনে নগাঁৱত দীৰ্ঘদিন ধৰি ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত জলপানিৰ ধন জালিয়াতিৰে আত্মসাৎ কৰি আহিছিল বুলি অভিযোগ কৰে ছাত্ৰ-ছাত্ৰী সকলে । তাৰোপৰি জৱকাৰ্ড, বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰী, আৰু বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীকো ছাত্ৰ সজাই চলাই আহিছিল লুন্ঠন । ইফালে কচুৱাৰ এক অসাধু চক্ৰৰ সহযোগত ধৃত লোক কেইজনে CSP ৰ জড়িয়তে লুন্ঠন কৰাৰ অভিযোগ উঠিছে । উক্ত ঘটনাৰ সৈতে জড়িতৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক-বন মাফিয়াৰ হাতোৰাত নিঃশেষ তৰাণি সংৰক্ষিত বনাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.