ETV Bharat / jagte-raho

আবকাৰী বিভাগৰ অভিযানঃ আটক তিনিজন

author img

By

Published : Aug 22, 2020, 10:27 PM IST

চুলাই বিৰোধী এক অভিযানত আবকাৰী বিভাগে তিনিজনকৈ চুলাই ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰিলে চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত বহু সা-সৰঞ্জাম ৷

Three Persons Arrested By Excise Depertment At Guwahati
গুৱাহাটীত আৱকাৰী বিভাগে উৎখাত কৰিলে ১৪ টাকৈ চুলাই ভাটি, আটক তিনি জনক

গুৱাহাটী, 22 আগষ্টঃ শণিবাৰে মহানগৰীৰ বিভিন্ন স্থানত আবকাৰী বিভাগে চলালে চলাই চুলাই বিৰোধী অভিযান । ইফালে গুৱাহাটীৰ গীতা মন্দিৰৰ সমীপৱৰ্তী বৈকুণ্ঠনগৰ আৰু উলুবাৰী কছাৰীবস্তিতো আবকাৰী বিভাগে চলাইছিল এই অভিযান । উক্ত অভিযানকালত মুঠ ১৪ টাকৈ বৃহৎ চুলাই ভাটি ধ্বংস কৰে আবকাৰী বিভাগে । লগতে সৰ্বমুঠ ৪০০০ কেজি চুলাই প্ৰস্তুত কৰা সামগ্ৰী, ৩২০ লিটাৰ চুলাই, ১৪ যোৰা চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত সা-সৰঞ্জাম জব্দ কৰে অভিযানকাৰী দলটোৱে ।

ইফালে ঘটনা সন্দৰ্ভত তিনিজনকৈ চুলাই ব্যৱসায়ীক আটক কৰিছে আবকাৰী বিভাগে । ধৃত চুলাই ব্যৱসায়ী কেইজন ক্ৰমে জয়ৰাম পাটৰ, কমল বড়ো আৰু হৰি প্ৰকাশ ৰায়।

উল্লেখ্য যে, লক ডাউন সময়ছোৱাতো মহানগৰীৰ বিভিন্ন প্ৰান্তত ব্যাপক হাৰত বৃদ্ধি পাই আহিছে চুলাই বেহা । ইয়াৰ বিৰুদ্ধে নিয়মীয়াকৈ এই অভিযান চলাই যাব বুলি উল্লেখ কৰে আবকাৰী বিভাগে । মহানগৰীত এনে অসাধু ব্যৱসায়ীৰ এক তালিকা প্ৰস্তুত কৰি ইতিমধ্যে ইয়াৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়িছে আবকাৰী বিভাগে । আনহাতে গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা 4 জনকৈ লোকক চুলাই মদৰ সৰবৰাহৰ অভিযোগত ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে আবকাৰী বিষয়াজনে ৷

লগতে পঢ়ক-নিৰুদ্দিষ্ট বোৱাৰীক কেন্দ্ৰ কৰি বাইহাটাত চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.