ETV Bharat / jagte-raho

কলিয়াবৰত দিন-দুপৰতে চোৰে লুটিলে সোণৰ আ-অলংকাৰ

কলিয়াবৰ বৰভগীয়াৰ ধ্ৰুৱজ্যোতি বৰাৰ নিজ বাসগৃহত চোৰে চলাই চাফাই অভিযান ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

author img

By

Published : Jun 1, 2020, 5:27 PM IST

ETV BHARAT
কলিয়াবৰত দিন-দুপৰতে চোৰে লুটিলে সোণৰ আ-অলংকাৰ

কলিয়াবৰ, 1 জুনঃ নগাঁৱৰ কলিয়াবৰৰ বৰভগীয়াত দিন-দুপৰতে সংঘটিত হয় এক চুৰি কাণ্ড ৷ চোৰে লুটি নিলে ধনৰ লগতে বহু লাখ টকাৰ সোণৰ আ-অলংকাৰ ৷

নগাঁও জিলাৰ কলিয়াবৰৰ বৰভগীয়াত দিন-দুপৰতে সংঘটিত হয় এক চুৰি কাণ্ড ৷ সোমবাৰে ৰাতিপুৱা বৰভগীয়াৰ ধ্ৰুৱজ্যোতি বৰাৰ নিজ বাসগৃহত চোৰে চলাই চাফাই অভিযান ৷ চোৰে লোক জনৰ ঘৰৰ পৰা প্ৰায় ৩৫ হাজাৰ টকা আৰু লক্ষাধিক টকাৰ আ-অলংকাৰ লুটি লৈ যায় । ঘৰ খনত কোনো নথকাৰ সুযোগতে চোৰে চলালে চাফাই অভিযান ৷

উল্লেখ্য যে,গৃহস্থৰ পৰিয়ালটো সোমবাৰে ৰাতিপুৱাই সমীপৰে মন্দিৰ এটাত পূজা কৰিবলৈ গৈছিল ৷ পৰিয়ালটোৱে মন্দিৰৰ পৰা ওভতি আহি ঘৰটোত চোৰৰ চাফাই কাৰ্য প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে ৷ উক্ত ঘটনাটো পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ অতি শীঘ্ৰে চোৰক কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ পৰিয়ালটোৱে আৰক্ষীক দাবী কৰিছে ৷ দিন দুপৰতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ বাবে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক- বাক্সাত যৌতুকৰ দাবীৰে নিৰ্যাতন পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.