ETV Bharat / jagte-raho

মহানগৰীৰ সোমনাথ মন্দিৰৰ পৰা চোৰে লুটিলে লক্ষাধিক টকা - তেতেলীয়া

মহানগৰীৰ তেতেলীয়াস্থিত সোমনাথ মন্দিৰত সংঘটিত হয় চুৰি কাণ্ড ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

Theft Incident At Guwahati Somnath Tample
মহানগৰীৰ সোমনাথ মন্দিৰৰ পৰা চোৰে লুটিলে লক্ষাধিক টকা
author img

By

Published : Jul 25, 2020, 10:43 PM IST

গুৱাহাটী, 25 জুলাইঃ গুৱাহাটী মহানগৰীৰ তেতেলীয়াস্থিত সোমনাথ মন্দিৰত সংঘটিত হয় চুৰিকাণ্ড ঘটনা । ইতিমধ্যে চোৰে লুটি নিলে তিনিটাকৈ দানপাত্ৰৰ পৰা লক্ষাধিক টকা।

মহানগৰীৰ সোমনাথ মন্দিৰৰ পৰা চোৰে লুটিলে লক্ষাধিক টকা

লক ডাউনৰ মাজতো মহানগৰীত অব্যাহত চোৰৰ চাফাই অভিযান। শণিবাৰে পুৱাৰ ভাগত মহানগৰীৰ তেতেলীয়াস্থিত সোমনাথ মন্দিৰত সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা । অতি কৌশলৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি এটা চোৰে লুটি নিলে তিনিটাকৈ দানপাত্ৰৰ পৰা লক্ষাধিক টকা। ডিচেম্বৰৰ পৰা খোলা হোৱা নাছিল দানপাত্ৰ কেইটা। যাৰ বাবে লক্ষাধিক টকা থকাৰ অনুমান কৰা হৈছে। ইফালে এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য আবদ্ধ হৈ ৰৈছিল মন্দিৰ চৌহদত সংস্থাপিত চিচি টিভি কেমেৰাত। উক্ত ঘটনাটো ইতিমধ্যে জালুকবাৰী আৰক্ষীক অবগত কৰে ৷ ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । উল্লেখ্য যে,৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা এই মন্দিৰটোত পূৰ্বেও তিনিবাৰকৈ চোৰে চলাইছিল লুটপাত ।

লগতে পঢ়ক- গোসাইগাঁৱত আৰক্ষীৰ জালত গৰু সহ তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.