ETV Bharat / jagte-raho

দৰঙত ভতিজাকৰ দাৰ ঘাপত মৃত্যু হল খুড়াকৰ

author img

By

Published : Oct 19, 2020, 6:25 PM IST

দৰঙত পাৰিবাৰিক কন্দলৰ বাবে মৃত্যু এজনৰ ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযুক্তক ৷ তদন্ত অব্যাহত ৷

Susspected Murder At Darrang, One arrested by Police
দৰঙত ভতিজাকৰ দাৰ ঘাপত মৃত্যু হল খুড়াকৰ

দলগাঁও, 19 অক্টোবৰ : দৰং জিলাৰ দলগাঁৱত ভতিজাৰ দাৰ ঘাপত প্ৰাণ গল খুড়াকৰ । দলগাঁৱৰ বিলপাৰত সংঘটিত হৈছে এই ঘটনা ৷ পাৰিবাৰিক কাজিয়াৰ কৰুণ পৰিণতিত উক্ত ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷

তথ্য অনুসৰি, দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বিলপাৰ গাঁৱত ভতিজাক জয়নাল আব্দিনে পাৰিবাৰিক সংঘাতৰ বাবে অতি নিৰ্মম ভাৱে দাৰে ঘপিয়াই দেওবাৰে পুৱাই গুৰুতৰভাৱে আহত কৰিছিল ছাইদুৰ হকক । পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা দলগাঁও আৰক্ষীয়ে ততাতৈয়াকৈ সংকটজনক অৱস্থাত ছাইদুৰ হকক উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল । কিন্তু উন্নত চিকিৎসাৰ বাবে ছাইদুৰক GMCH লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে দেওবাৰে সন্ধিয়া মৃত্যু হয় লোকজনৰ ।

মৃত ছাইদুৰ হক গাঁওৰক্ষী বাহিনীৰ সম্পাদক বুলিও জানিব পৰা গৈছে । ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰা ভতিজা জয়নাল আব্দিনক দলগাওঁ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক : অসমৰ চিকিৎসকৰ পৰা নৃত্য শিকিবলৈ আগ্ৰহ প্ৰকাশ হৃত্বিক ৰোছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.