ETV Bharat / jagte-raho

মহানগৰীত পুনৰ আত্নহনন শিক্ষাৰ্থীৰ, মৃত্যুৰ কাৰণ অজ্ঞাত

author img

By

Published : Nov 9, 2020, 12:22 PM IST

পুনৰ মহানগৰীত মৃত্যুৰ দৰে চূড়ান্ত পথ বাছি ল'লে শিক্ষাৰ্থীয়ে ৷ জালুকবাৰীৰ শংকৰদেৱ নগৰ কমপ্লেক্সত সংঘটিত হৈছে এই ঘটনা ৷

মহানগৰীত পুনৰ আত্নহনন শিক্ষাৰ্থীৰ, মৃত্যুৰ কাৰণ অজ্ঞাত
মহানগৰীত পুনৰ আত্নহনন শিক্ষাৰ্থীৰ, মৃত্যুৰ কাৰণ অজ্ঞাত

গুৱাহাটী, 9 নৱেম্বৰ : নিশা মহানগৰীৰ জালুকবাৰীস্থিত শংকৰদেৱ নগৰ কমপ্লেক্সত সংঘটিত হয় চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা । কমপ্লেক্সটোৰ K2 নম্বৰৰ ৰুমত ছিপ লৈ আত্মহত্যা কৰে এগৰাকী ছাত্ৰই । ছাত্ৰজনৰ নাম আশীষ বৰা বুলি জানিব পৰা গৈছে । ঘৰৰ মালিকে জনোৱা অনুসৰি ছাত্ৰজনে যোৱা এক তাৰিখৰ পৰা উক্ত কমপ্লেক্সটোত ভাৰাতীয়া হিচাপে আছিল । ইফালে ছাত্ৰজনৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এখন ছুইচাইদ নোট । যাত লিখা আছে "I AM Sorry, SUSMITAৰ গাত একো ভুল নাই। মই নিজৰ ইচ্ছাত মৰিব বিচাৰিছোঁ ৷" এই টোকাৰ পৰা সন্দেহ কৰা হৈছে যে প্ৰেমজনিত কাৰণত আত্মহননৰ দৰে এক চৰম পন্থা অৱলম্বন কৰিছে ছাত্ৰজনে । সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : 3 দিন ধৰি সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই নিকিতা সৰকাৰ হত্যাকাণ্ডৰ দোষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.