ETV Bharat / jagte-raho

শিৱসাগৰ আৰক্ষীৰ জালত চিলনী চোৰৰ দল

শিৱসাগৰ আৰক্ষীৰ সফল অভিযান ৷ বৃহস্পতিবাৰে এক অভিযানৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰে এটা ছজনীয়া চিলনী চোৰৰ দল ৷ শিৱসাগৰৰ লগতে যোৰহাটতো সন্ত্ৰাস চলাই আহিছিল এই চোৰৰ দলটোৱে ৷

Snatcher nabbed in sivsagar assam etv bharat news
আৰক্ষীৰ জালত চিলনী চোৰৰ দল
author img

By

Published : Oct 8, 2020, 5:02 PM IST

শিৱসাগৰ,8 অক্টোবৰ : অৱশেষত জন সাধাৰণৰ নিদ্ৰাহৰণ কৰা এটা চিলনী চোৰৰ দলক আটক কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ আৰক্ষী ৷ দীৰ্ঘদিনে শিৱসাগৰ আৰু যোৰহাটত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এই কুখ্যাত চিলনী চোৰৰ দলটোৱে ৷ বিগত 15 আৰু 24 ছেপ্তেম্বৰত শিৱসাগৰ নগৰত সংঘটিত দুটাকৈ দিন ডকাইতিৰ ঘটনাৰ পাছত অভিযান চলাই এই দলটোক কৰায়ত্ব কৰে আৰক্ষীয়ে ৷

আৰক্ষীৰ জালত চিলনী চোৰৰ দল

বুধবাৰে এই দলৰ দুই সদস্যক আৰক্ষীয়ে শিৱসাগৰ অ’এনজিচি-স্থিত ভাৰতীয় ষ্টেট বেংকৰ সন্মুখৰ পৰা আটক কৰে । আটকাধীন সদস্য দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বাকী চাৰিজন সদস্যক যোৰহাটৰ সৰ্বাইবন্ধাৰ এক ভাড়াঘৰৰ পৰা আটক কৰে শিৱসাগৰ আৰক্ষীয়ে । ধৃত চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে বহুকেইখন এটিএম কাৰ্ড, নগদ ধন, ম’বাইল ফোন, তিনিখন দুচকীয়া বাহন উদ্ধাৰৰ লগতে জব্দ কৰে চোকা অস্ত্ৰ ৷ আটকাধীন চোৰৰ দলটো বহিঃৰাজ্যৰ পৰা অসমত ধন লুটৰ উদ্দেশ্যে আহিছিল বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বিগত বহু বছৰৰ পৰা এনে চিলনী চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল শিৱসাগৰত ৷ এতিয়ালৈকে বহু স‌ংখ্যক এনে ডকাইতি স‌ংঘটিত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে শিৱসাগৰ আৰক্ষীয়ে এনে দলক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ।

লগতে চাওকঃ চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত গাঁওবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.