গুৱাহাটী,8 অক্টোবৰ: গুৱাহাটী মহানগৰীৰ এগৰাকী হৃদয়হীন মাতৃৰ পাশৱিক কাণ্ড । ভৰলুমুখ নিবাসী তিনি সন্তানৰ এগৰাকী মাতৃয়ে পুনৰ কন্যা সন্তান জন্ম দিয়াৰ বাবে 6 মহীয়া সন্তানটিক এজন অজ্ঞাত ব্যক্তিৰ হাতত গতাই দিয়ে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে আৰক্ষীৰ সহায় বিচাৰি ভৰলুমুখ আৰক্ষীৰ কাষ চাপে মহিলাগৰাকীৰ স্বামীয়ে ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি শিশুটিৰ সন্ধানত নামি পৰিছে যদিও বৰ্তমানো আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰা নাই । সেয়েহে সংবাদ মাধ্যমৰ সহায় বিচাৰিছে ভৰলুমুখ আৰক্ষীয়ে ।
লগতে পঢ়ক: নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থাকোতে বড়োভূমিৰ নাম সলনি কৰাত ক্ষুব্ধ কংগ্ৰেছ