শিৱসাগৰ,5 জানুৱাৰী : অৰুণাচল প্ৰদেশৰ ডায়ুনৰ কুইপ' তৈল প্ৰতিষ্ঠানত কৰ্মৰত শিৱসাগৰৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ বিগত 16 দিন ধৰি সন্ধানহীন হৈ আছে ৷ যাৰ বাবে ভয় আৰু শংকাত ভুগি চৰকাৰলৈ আহ্বান জনাইছে অভিযন্তা প্ৰণৱ কুমাৰ গগৈৰ পত্নীৰ লগতে পৰিয়ালৰ লোকে ৷
তথ্য অনুসৰি,2020 বর্ষৰ 21 ডিচেম্বৰত আলফা স্বাধীন আৰু NSCN (K) ৰ সদস্যই অপহৰণ কৰিছিল অৰুণাচলৰ ডায়ুনৰ কুইপ' নামৰ তৈল প্ৰতিষ্ঠানত কৰ্মৰত শিৱসাগৰৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈক ৷ শিৱসাগৰ নগৰৰ ASTC ৰ সমীপৰ হাবিৰাম বৰা পথৰ নিবাসী প্ৰণৱ কুমাৰ গগৈ অপহৰণ হোৱা অতিক্ৰম কৰিলে 16 টাকৈ দিন । ইতিমধ্যে,আলফা স্বাধীনে 20 কোটি টকা মুক্তিপণ দাবী কৰাৰ বিষয়ে প্ৰকাশ পাইছিল তথ্য । 21 ডিচেম্বৰৰ দেওবাৰে সন্ধিয়া প্ৰণৱ গগৈৰ শেষৰতো ফোন পাইছিল পত্নী নমিতা গগৈয়ে । কিন্তু 16 দিন উকলি যোৱাৰ পিচতো প্ৰণৱ কুমাৰ গগৈৰ কোনো ধৰণৰ সন্ধান নোপোৱাৰ বাবে বৰ্তমান চিন্তিতি হৈ পৰিছে পৰিয়ালটো ৷
আনহাতে,প্ৰণৱ কুমাৰ গগৈৰ পত্নীয়ে অপহৰণ সংঘটিত কৰা সংগঠন আৰু কুইপ'ৰ কৰ্তৃপক্ষৰ লগতে চৰকাৰক বুজাপৰাৰ মাজেৰে সমস্যা সমাধান কৰি প্ৰণৱ কুমাৰ গগৈক মুক্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক : জনিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ