ETV Bharat / jagte-raho

বঙাইগাঁৱত উদ্ধাৰ চুৰি বলেৰ' পিক আপ ভান

বঙাইগাঁৱত উদ্ধাৰ চুৰি গাড়ী ৷ বৰঘোলা আৰক্ষীয়ে উদ্ধাৰ কৰিছে গাড়ীখন ৷ অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই চুৰি গাড়ীৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈছে ৷

rescue-bolero-van-in-bongaigaon
বঙাইগাঁৱত উদ্ধাৰ চুৰি বলেৰ' পিক আপ ভান
author img

By

Published : Dec 18, 2020, 7:51 PM IST

উত্তৰ অভয়াপুৰী, 18 ডিচেম্বৰ : বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰঘোলা আৰক্ষী চকীৰ কীৰ্ত্তনপাৰাত এখন নাম্বাৰ বিহীন বলেৰ' পিক আপ ভান উদ্ধাৰ হৈছে । জানিব পৰা মতে,সাজাল পাৰাৰ আয়নাল হকৰ ঘৰৰ পৰা নাম্বাৰ প্লেট বিহীন গাড়ীখন বৰঘোলা আৰক্ষীয়ে উদ্ধাৰ কৰি কীৰ্তনপাৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ চৌহদত ৰাখিছে ৷

rescue-bolero-van-in-bongaigaon
বঙাইগাঁৱত উদ্ধাৰ চুৰি বলেৰ' পিক আপ ভান

গাড়ীখন চুৰি কৰি অনা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ইফালে,গাড়ীখন চুৰি কৰি চক্ৰটোৱে গাড়ীখনৰ পাৰ্টছ বিক্ৰী কৰাৰ যো-জা কৰিছে। উল্লেখ্য যে,কীৰ্ত্তনপাৰা গাঁৱত ইয়াৰ পূৰ্বেও কেইবাখনো চুৰি গাড়ী উদ্ধাৰ কৰা হৈছে ।

rescue-bolero-van-in-bongaigaon
বঙাইগাঁৱত উদ্ধাৰ চুৰি বলেৰ' পিক আপ ভান

ইফালে,গাড়ী চুৰি চক্ৰৰ লগত বৰঘোলা আৰক্ষীৰ গোপন বুজাবুজিৰ অভিযোগ উত্থাপন হৈছে । গাড়ী চুৰিৰ ঘটনা সন্দৰ্ভত বৰঘোলা আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে যদিও আৰক্ষীৰ ভূমিকা ৰহস্যজনক । যাৰ বাবে স্থানীয় ৰাইজে গাড়ী চুৰি চক্ৰটোৰ বিৰুদ্ধে শীঘ্ৰে তদন্ত আৰম্ভ কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়ক : উত্তৰ কামৰূপত বন বিষয়াক মেনেজ কৰি চোৰাং ব্যৱসায়ীৰ বন ধংস !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.