ETV Bharat / jagte-raho

মহানগৰীত ঘৰৰ মালিকে প্ৰহাৰ কৰিলে ভাড়াতীয়াক !

author img

By

Published : Jul 25, 2020, 7:05 PM IST

মহানগৰীৰ গীতানগৰত ঘৰৰ মালিক ঘৰ ভাড়া দিব নোৱাৰাৰ বাবেই ভাড়াতীয়া পৰিয়ালটোক প্ৰহাৰ কৰে মালিক কৰ্তৃপক্ষই ৷ ইতিমধ্যে মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ভাড়াতীয়া পৰিয়ালটোৱে ৷

Rent People Attacked By Owner At Guwahati Nunmati
মহানগৰীত ঘৰৰ মালিকে প্ৰহাৰ কৰিলে ভাড়াতীয়াক !

গুৱাহাটী, 25 জুলাইঃ মহানগৰীৰ গীতা নগৰত ঘৰৰ মালিক আৰু ভাড়াতীয়াৰ মাজত সংঘাতৰ সৃষ্টি হয়। ঘৰ ভাড়া নিদিয়াক কেন্দ্ৰ কৰি ঘৰৰ মালিকে প্ৰহাৰ কৰিলে ভাড়াতীয়াক ।

গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত গীতানগৰৰ ঘোঁৰামাৰা সত্ৰ পথত ঘৰভাড়া নিদিয়াক কেন্দ্ৰ কৰি মালিক আৰু ভাড়াতীয়াৰ মাজত সংঘটিত হয় এটা মাৰপিটৰ ঘটনা। ভাড়াতীয়া মহিলা গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে,যোৱা জানুৱাৰী মাহত মহিলা গৰাকীয়ে স্বামী সঞ্জীৱ দাস আৰু পুত্ৰ সহিতে গীতা নগৰৰ ঘোঁৰা মাৰা পথৰ ঘৰ নম্বৰ 10ৰ বাসিন্দা ৰাজু সেন নামৰ লোক জনৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল ৷ ইতিমধ্যে লক ডাউনৰ বাবে উপাৰ্জনৰ পথ বন্ধ হৈছিল সঞ্জীৱ দাসৰ পৰিয়ালটোৰ । লক ডাউন মাজতেই যোৱা দুমাহ ধৰি ঘৰৰ মালিকক ভাড়া আদায় দিব পৰা নাছিল ভাড়াতীয়া পৰিয়াল টোৱে। উক্ত ঘটনাটোৰ বাবে ঘৰৰ মালিক ৰাজু সেন ক্ষুব্ধ হৈ পৰে। লগতে ঘৰ ভাড়া আদায় নিদিয়াৰ বাবে পানীৰ সংযোগ বন্ধ কৰি দিয়ে পৰিয়ালটোক ৷

আনহাতে,ঘৰৰ মালিকে ভাড়াতীয়া সঞ্জীৱ দাসৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ দুৱাৰ,টি ভি ভাঙি ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিয়ে ৷ সঞ্জীৱ দাসৰ পত্নীয়ে অভিযোগ কৰে যে ঘৰৰ মালিক ৰাজু সেনৰ পৰিয়ালৰ লোকে গাৰ কাপোৰ ফালি দিয়াৰ উপৰিও শাৰীৰিক ভাবে প্ৰহাৰ কৰে বুলি । এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সঞ্জীৱ দাসৰ পৰিয়ালটোৱে নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰে । ইতিমধ্যে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত দুই পক্ষক সোধ পোচ কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক- অখিল গগৈৰ মুক্তিৰ দাবীত শদিয়াত অভিনৱ প্ৰতিবাদ ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.