ETV Bharat / jagte-raho

অ-সামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত মহিলাক গছত বান্ধি শাস্তি - অসামাজিক কাৰ্যত লিপ্ত

ৰঙিয়াত দেহ ব‍্যৱসায়ত জড়িত থকাৰ সন্দেহত মহিলাক গছত বান্ধি থোৱাৰ অভিযোগ। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ

অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত মহিলাক গছত বান্ধি শাস্তি
author img

By

Published : May 14, 2019, 8:26 PM IST

ৰঙিয়া, 14 মে': ৰঙিয়াত অনৈতিক কাৰ্যৰ বিৰুদ্ধে ক্ষুব্ধ মহিলাৰ ৰণচণ্ডী মূৰ্তি । অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত মহিলাক গছত বান্ধি শাস্তি । মঙলবাৰে উদিয়ানাত অনৈতিক কাৰ্যত লিপ্ত থকাৰ অৱস্থাতে দুহাল পুৰুষ আৰু মহিলাক হাতে-লোটে ধৰে স্থানীয় মহিলা সকলে। কিন্তু চেগ বুজি পলায়ন কৰে এগৰাকী যুৱতী আৰু এজন যুৱক। এনে অসামাজিক কাৰ্য চলি থকাৰ অভিযোগত ক্ষুন্ন হৈ পৰে গাঁওবাসী ।

অসামাজিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত মহিলাক গছত বান্ধি শাস্তি

উত্তেজিত মহিলাসকলে অভিযুক্ত মহিলাগৰাকীক এডাল গছত বান্ধি ৰাজহুৱা শাস্তি প্ৰদান কৰে । আনকি একাংশ‌ই প্ৰহাৰো কৰে মহিলাগৰাকীক । আনহাতে অনৈতিক কাৰ্যত লিপ্ত এজন যুৱককো আটক কৰি লপা-থপা দিয়ে উত্তেজ্ঞিত ৰাইজে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ৰাইজৰ অভিযোগ দীৰ্ঘদিনৰ পৰা এই ঘৰটোত দেহ ব্যৱসায় চলি আহিছে।

কিন্তু এনেদৰে আইন হাতত তুলি লোৱা কিমান দূৰ সমিচীন আৰু কিমান দিনলৈ অসমত ৰাইজে এইদৰে নিজৰ হাতত আইন তুলি দোষী-নিৰ্দোষী বিচাৰ কৰি শাস্তি ধাৰ্য কৰিব সেইয়া এক চিন্তনীয় বিষয়!

Intro:ৰঙিয়াত দেহ ব‍্যৱসায়ত জৰিত থকাৰ সন্দেহত মহিলাক গছত বান্ধি থোৱাৰ অভিযোগ। স্থানীয় ৰাইজে হাতেলোতে ধৰিলে অভিযুক্ত ক। আৰক্ষীৰ উপস্থিতি ত পৰিস্থিতি শান্ত।Body:ৰঙিয়াত অনৈতিক কাৰ্যৰ বিৰুদ্ধে ক্ষুব্ধ মহিলাৰ ৰণচণ্ডী মূৰ্তি । অসামাজিক কাৰ্যত লিপ্ত মহিলাক গছত বান্ধি শাস্তি । এই ঘটনা ৰঙিয়াৰ উদিয়ানাত । মঙলবাৰে উদিয়ানাত দেহ ব্যৱসায় চলাই থকা এটা বিতৰ্কিত ঘৰত ৰাইজৰ হাল্লাবোল । এই ঘৰটোত অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাত দুই হাল পুৰুষ আৰু মহিলাক হাতে-লোটে ধৰে স্থানীয় মহিলা সকলে। কিন্তু চেগ বুজি এজনী যুৱতী আৰু এজন যুৱকে তাৰ পৰা পলায়ন কৰে । এনে অসামাজিক কাৰ্য চলি থকাত ক্ষুন্ন হৈ পৰে গাঁওবাসী । বিশেষকৈ মহিলা সকলে উগ্ৰ মূৰ্তি ধাৰণ কৰি ঘৰটোৰ পৰা অনৈতিক কাৰ্যত লিপ্ত থকা এজনী মহিলাক টানি উলিয়াই আনে । লগে লগে উত্তেজিত মহিলাসকলে অভিযুক্ত মহিলাগৰাকীক এডাল গছত বান্ধি ৰাজহুৱা শাস্তি প্ৰদান কৰে । আনকি একাংশ‌ই মহিলাগৰাকীক প্ৰহাৰো কৰে । আনহাতে অনৈতিক কাৰ্যত লিপ্ত এজন যুৱককো আটক কৰি লপা-থপা দিয়ে । ইয়াৰ পিছতে এই ঘৰটোত শ শ স্থানীয় লোক উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে অনৈতিক কাৰ্যত লিপ্ত যুৱকজনৰ লগতে মহিলাজনী আৰু দেহ ব্যৱসায় চলাই থকা ঘৰটোৰ গৰাকী বিধবা মহিলাজনীকো আটক কৰি থানালৈ নিয়ে । ৰাইজৰ অভিযোগ মতে দীৰ্ঘদিনৰ পৰা এই ঘৰটোত দেহ ব্যৱসায় চলি আহিছে।
Bite:-publicConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.