ETV Bharat / jagte-raho

নিয়াৰ জিম্মালৈ কলকাতাত গ্ৰেপ্তাৰ হোৱা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী - লস্কৰ-ই-তৈবাৰ সদস্য তানিয়া পাৰবিন

কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য তানিয়া পাৰবিনক নিজৰ জিম্মাত লৈছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াই ৷

নিয়াৰ জিম্মালৈ কলকাতাত গ্ৰেপ্তাৰ হোৱা লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী

author img

By

Published : Jun 15, 2020, 5:08 AM IST

নিউজ ডেস্ক, 15 জুন : ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ হাতলৈ অৰ্পন কলকাতাত গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী ৷ কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ তানিয়া পাৰবিন নামৰ সন্ত্ৰাসবাদীটো ৷ অৱশেষত কলকাতা আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ অন্তত তানিয়া পাৰবিনক সোধা-পোচাৰ বাবে আগন্তুক 12 জুলাইলৈকে নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

হোৱাটছ-এপৰ জৰিয়তে পাকিস্তানত পঞ্জীয়নভুক্ত ফোন নম্বৰ ব্যৱহাৰ কৰি ভাৰতত সন্ত্ৰাসবাদমুলক কাৰ্যকলাপ চলাই গৈছিল তানিয়া পাৰবিনে ৷ পাকিস্তানৰ বহুকেইটা হোৱাটছ এপ গ্ৰুপৰ সৈতে জড়িত আছিল ধৃত তানিয়া পাৰবিন ৷

নিয়াৰ এটা 10জনীয়া দলে তানিয়া পাৰবিনক কলকাতাস্থিত কাৰ্যালয়ত জেৰা চলাব বুলি জানিব পৰা গৈছে ৷ বিগত মাৰ্চ মাহতেই তানিয়াক কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তেতিয়াৰে পৰাই ডুমডুম জেলত আছিল সন্ত্ৰাসবাদীটো ৷ 20 মাৰ্চত আটক হোৱা তানিয়া পাৰবিনক প্ৰথমে 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, তানিয়া পাৰবিন বাংলাদেশৰ বাসিন্দা বুলি জানিব পৰা গৈচে আৰু বিগত 10 বৰ্ষ পূৰ্বেই অবৈধৰূপে ভাৰতত প্ৰৱেশ কৰিছিল ৷

কলকাতাত নিজৰ উচ্চশিক্ষা সম্পন্ন কৰা তানিয়া পাৰবিনৰ লস্কৰ-ই-তৈবাৰ মুৰব্বী তথা 26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈয়দৰ সৈতেও যোগাযোগ আছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.