গোৱালপাৰা, 8 নৱেম্বৰ : গোৱালপাৰাত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । অভিযানত প্ৰায় 2 লক্ষাধিক টকাৰ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত জব্দ কৰিবলৈ সক্ষম হয় কাঠৰ কুণ্ডা সমূহ ।
![more-than-rs-2-lakh-worth-of-timber-seized-in-goalpara-during-the-forest-department-operation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9474946_jj.jpg)
তথ্য অনুসৰি, জিলাখনৰ বগুৱান আমবাৰীৰ পৰা চোৰাং শাল কাঠৰ কুণ্ডা ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় । AS-23C_2081 নম্বৰৰ বলেৰ গাড়ীৰে অবৈধভাৱে কাঠৰ কুণ্ডা সমূহ বিক্ৰী কৰাৰ বাবে বৰদমাল পৰা আনি থাকোতে জিলাখনৰ বগুৱান আমবাৰীৰ পৰা বন বিষয়া শান্তনা মেধিৰ নেতৃত্বত যোৱা দলটোৱে চোৰাং কাঠ ভৰ্তি বলেৰ বাহনসহ জব্দ কৰিবলৈ সক্ষম হয় । জব্দকৃত কাঠৰ মূল্য প্ৰায় 2 লক্ষাধিক টকা ।
লগতে পঢ়ক : আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বিডেন