ETV Bharat / jagte-raho

ষ্টেট বেংকৰ ধূপধৰা শাখাত মহিলাৰ একাউন্টৰ পৰা ডেৰ লক্ষাধিক টকা হৰলুকি

গোৱালপাৰা জিলাৰ SBI বেংকত গ্ৰাহকৰ ধন হৰলুকি অজ্ঞাত লোকৰ ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ ৷ বেংক পাছবুক আপডেট কৰাৰ পিচতহে পোহৰলৈ আহে এই ঘটনা ৷

author img

By

Published : Sep 10, 2020, 4:41 PM IST

Money Looted from woman through hacking PAYTM
ষ্টেট বেংকৰ ধূপধৰা শাখাত মহিলাৰ একাউন্টৰ পৰা ডেৰ লক্ষাধিক টকা হৰলুকি

বকো, 10 ছেপ্তেম্বৰ : গোৱালপাৰা জিলাৰ ধূপধৰাত পুনৰ SBI গ্ৰাহকৰ পৰা অজ্ঞাত লোকৰ ধন হৰলুকি ৷ ভাৰতীয় ষ্টেট বেংকৰ ধূপধৰা শাখাৰ পৰা গ্ৰাহকৰ ডেৰ লক্ষাধিক টকা হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷

অভিযোগ অনুসৰি, হীৰা ৰাভা নামৰ মহিলা এগৰাকীৰ একাউণ্টৰ পৰা হৰলুকি হৈছে 1,89,027 টকা । 22 আগষ্টৰ পৰা 7 ছেপ্তেম্বৰৰ ভিতৰত কোনো অজ্ঞাত ব্যক্তিয়ে পেটিএমৰ জৰিয়তে হৰলুকি কৰে এই বৃহৎ পৰিমাণৰ ধন । পৰৱৰ্তী সময়ত বেংক পাছবুক আপডেট কৰাৰ পিচতহে পোহৰলৈ আহে এই ঘটনা ।

ইতিমধ্যে, ধূপধৰা আৰক্ষী থানত মহিলা গৰাকীয়ে দাখিল কৰিছে এজাহাৰ ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও আন এগৰাকী গ্ৰাহকৰ ধন হৰলুকি কৰিছিল কোনো অজ্ঞাত লোকে । বেংকৰ পৰা কোনো অসাধু চক্ৰই বিভিন্ন মাধ্যমৰ জৰিয়তে ধন হৰলুকি কৰাৰ ঘটনা এয়া নতুন নহয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা ঘটনা প্ৰতিদিনে পোহৰলৈ আহিছে ৷ আনকি, অসাধু চক্ৰই বেংকৰ পৰা ফোন কৰা বুলি মিছা কথা কৈ বিভিন্ন সময়ত গ্ৰাহকৰ ধন হৰলুকি কৰি আহিছে ৷

লগতে পঢ়ক : বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস : আত্মহত্যাৰ প্ৰৱনতা আৰু মানসিক স্বাস্থ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.