ETV Bharat / jagte-raho

সংখ্যালঘু বৃত্তিৰ ধন আত্মসাৎ কৰা অচিনতলা হাইস্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ - প্ৰধান শিক্ষক মনোহৰ বাদশ্বাহক গ্ৰেপ্তাৰ

দৰং আৰক্ষীৰ বৃহৎ সফলতা । সংখ্যালঘু ছাত্ৰ বৃত্তিৰ লাখ লাখ টকা কেলেংকাৰীৰ খলনায়ক মনোহৰ বাদশ্বাহ গ্ৰেপ্তাৰ । খাৰুপেটিয়াৰ অচিনতলা হাইস্কুলত (অপ্ৰাদেশীকৃত) ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত জালিয়াতি কৰি সৰকাইছিল লাখ লাখ টকা । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

অচিনতলা হাইস্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

author img

By

Published : Jul 23, 2020, 12:00 AM IST

দলগাঁও, 22 জুলাই : দৰং আৰক্ষীৰ বৃহৎ সফলতা । খাৰুপেটিয়াত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন জালিয়াতিৰে আত্মসাৎ কৰা খলনায়ক মনোহৰ বাদশ্বাহ অৱশেষত আৰক্ষীৰ জালত ।

লগতে পঢ়কঃ বাঘজানৰ বিস্ফোৰণঃ 3 বিদেশী বিশেষজ্ঞ আহত

উল্লেখযোগ্য যে, দৰঙৰ খাৰুপেটিয়াৰ নিকটৱৰ্তী অচিনতলা হাইস্কুল(অপ্ৰাদেশীকৃত)ৰ প্ৰধান শিক্ষক মনোহৰ বাদশ্বাহে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ নামত তিনিটা বছৰত আত্মসাৎ কৰিছিল ন-লক্ষাধিক টকা । প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ নামত,ছবছৰীয়া পুত্ৰৰ নামত,পত্নীৰ নামত,পৰিয়ালৰ আন আন সদস্যৰ নামতো সৰকাইছিল মোটা অংকৰ ধন ।

17 জুলাইত এই দুৰ্নীতিৰ তথ্য ফাদিল কৰা খাৰুপেটিয়াৰ আৰটিআই কৰ্মী আলী আহমেদে ৷ ঘটনা সন্দৰ্ভত আৰটিআই কৰ্মীগৰাকীয়ে দৰং জিলা আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছিল । আৰটিআই কৰ্মীগৰাকীৰ অভিযোগৰ ভিত্তিতে বুধবাৰে অচিনতলা হাইস্কুলৰ প্ৰধান শিক্ষক মনোহৰ বাদশ্বাহক গ্ৰেপ্তাৰ কৰে খাৰুপেটীয়া আৰক্ষীয়ে ।

লগতে পঢ়কঃ ৱাল খহিল এন এইচ পিচিৰ পাৱাৰ হাউচৰ,প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ

ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীৰে বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.