ETV Bharat / jagte-raho

চিকিৎসক আক্ৰমণকাৰীৰ জামিন আবেদন নাকচ, ন্যায়িক জিম্মালৈ প্ৰেৰণ

author img

By

Published : Apr 11, 2020, 12:01 PM IST

দক্ষিণ দিল্লীৰ গৌতম নগৰত চিকিৎসকক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী ৷ দিল্লীৰ চফদৰজং চিকিৎসালয়ৰ দুগৰাকী মহিলা চিকিৎসকক আক্ৰমণ কৰিছিল ব্যক্তিগৰাকীয়ে ৷

চিকিৎসক আক্ৰমণকাৰীৰ জামিন আবেদন নাকচ
চিকিৎসক আক্ৰমণকাৰীৰ জামিন আবেদন নাকচ

নিউজ ডেস্ক, 11 এপ্ৰিলঃ দক্ষিণ দিল্লীৰ গৌত নগৰত দুগৰাকী মহিলা চিকিৎসকক আক্ৰমণ কৰি জেললৈ যাবলগীয়া হৈছে এগৰাকী ব্যক্তি ৷ দিল্লীৰ চফদৰজ চিকিৎসালয়ৰ দুগৰাকী আৱাসিক মহিলা চিকিৎসকক আক্ৰমণ কৰিছিল সঞ্জীৱ শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

আদালতে সঞ্জীৱ শৰ্মাৰ জামিন আবেদন নাকচ কৰি এপ্ৰিল 24লৈ তেওঁক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ৷ বুধবাৰে নিশাৰ ভাগত খাদ্যসামগ্ৰী ক্ৰয় কৰি থকা অৱস্থাত দুয়োগৰাকী চিকিৎসকক কৰ’ণা ভাইৰাছ বিয়পাই দিয়া বুলি অভিযোগ আনি আক্ৰমণ কৰিছিল অভিযুক্ত সঞ্জীৱ শৰ্মাই ৷ অৱশেষত আদালতে শুকুৰবাৰে শৰ্মাৰ জামিন আবেদন নাকচ কৰি তেওঁক এইদৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

দিল্লী আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.