কৰিমগঞ্জ, 2 ডিচেম্বৰ : অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰশাসনৰ অভিযান ৷ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ আৰু চৰকাৰী নথি-পত্ৰ বিহীনভাৱে চলি থকা ফাৰ্মাচীৰ বিৰুদ্ধে প্ৰশাসনে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷
অভিযোগ অনুসৰি, কৰিমগঞ্জ জিলাত কাঁঠফুলাৰ দৰে গঢ়ি উঠিছে বহু অবৈধ ফাৰ্মাচী । অনুজ্ঞাপত্ৰ বিহীন আৰু অদক্ষ ব্যক্তিয়ে ফাৰ্মাচী সমূহ চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ৷
মঙলবাৰে কৰিমগঞ্জ চহৰত সংলগ্ন জৰৰ বজাৰত দুখনকৈ নথিপত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে ৰজু কৰা হৈছে গোচৰ । পৰৱৰ্তী সময়ত পুনৰ এই অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে প্ৰশাসনে ৷
লগতে পঢ়ক : অকলে চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰ চলোৱা বাক্সাৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী