ETV Bharat / jagte-raho

কলিয়াবৰৰ গৰৈমাৰীত এগৰাকী যুৱতীৰ আত্মহত্যা !

author img

By

Published : Mar 23, 2020, 9:59 AM IST

কলিয়াবৰত এগৰাকী যুৱতীৰ আত্মহত্যা কৰাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ কেনেদৰে কৰিলে আত্মহত্যা ৰাইজৰ মাজত কৌতূহল দােষীক উচিত শাস্তিৰ প্ৰদানৰ দাবী জনাইছে ৷ নাটকীয়ভাৱে মোমাযেকে পলায়ন কৰিছে ৷

kaliabor-one-girl-death-at-goroimari
কলিয়াবৰৰ গৰৈমাৰীত এগৰাকী যুৱতীৰ আত্মহত্যা !

কলিয়াবৰ 23মাৰ্চ: কলিয়াবৰ মহকুমাৰ গৰৈমাৰী গাঁৱত শনিবাৰে সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা । চুলুং টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত গাঁৱৰ আৰ্ফিনা চুলতানা নামৰ এগৰাকী 18 বছৰীয়া যুৱতীয়ে ঘৰুৱা হিংসাৰ বলি হৈ প্ৰাণ হেৰুৱাই। স্থানীয় লোকৰ অভিযোগ মতে,নিজৰেই মোমায়েক ফাৰুক হুছেইনৰে প্ৰেমৰ সম্পৰ্ক আছিল। যি পিচলৈ দৈহিক সম্পৰ্কলৈ ৰূপান্তৰিত হৈছিল আৰ্ফিনাৰ। সেই অবৈধ সম্পৰ্কৰ বিষয়ে পৰিয়ালৰ লোকে গম পায় আৰ্ফিনাক জোৰ কৰি বিয়া দিবলৈ চেষ্টা কৰিছিল। কিন্তু আৰ্ফিনাই কোনো কাৰণত বিয়াত বহিবলৈ মান্তি হোৱা নাছিল। সেই লৈ হোৱা বাক বিতণ্ডাই শনিবাৰে চৰম পৰ্যায় পায়গৈ। মাক তঞ্জিমা বেগম,মোমায়েক ফাৰুক হুছেইন,ককায়েক ইশ্ৰাফুল আলম আৰু মাকৰ খুৰায়েক ইমৰান হুছেইনে আৰ্ফিনাক মাৰ-পিট কৰে। নিজ মাতৃৰ নেতৃত্বত হোৱা এই মাৰ-পিটৰ ফলতেই ঘটনাস্থলীতেই যুৱতী গৰাকীৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত আৰ্ফিনাক কোনেও গম নোপোৱাকৈ গাড়ীৰে তেজপুৰলৈ চিকিৎসাৰ বাবে লৈ যোৱাৰ নাটক কৰি আদবাটৰ পৰাই ওভতাই আনি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। পৰিয়ালৰ লোকে মৃত আৰ্ফিনাই চুৰীৰে আত্মহত্যা কৰে বুলি গাঁওবাসীক পতিয়ন নিয়াৰ চেষ্টা কৰে আৰু পৰিয়ালৰ পৰা চুলুং টহলদাৰী আৰক্ষী চকীত আত্মহত্যা কৰা বুলি জনায়।

kaliabor-one-girl-death-at-goroimari

যুৱতীগৰাকীৰ দেহত চুৰীৰ কোনো আঘাতৰ চিন নেদেখাত ৰাইজৰ সন্দেহ হোৱাত নানা প্ৰশ্নৰ সন্মুখীন হয় পৰিয়ালটো। ইয়াকে লৈ স্থানীয় লোকক ইমৰান হুচেইন নামৰ অভিযুক্তজনে স্থানীয় ৰাইজক আৰক্ষীক নজনাবলৈ ভয় আৰু ভাবুকি দিছিল বুলিও জনা গৈছে। আৰক্ষীয়ে আহি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ মৃতদেহ প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতে হত্যাকাণ্ডৰ ৰহস্য উদ্দঘাটন হ'ব। শেহতীয়াকৈ চাৰিও অভিযুক্ত পলাতক বুলি জনা গৈছে। এতিয়া স্থানীয় ৰাইজৰ অভিযোগৰ ওপৰত আৰক্ষীয়ে কি ব্যৱস্থা লয় সময়তহে গম পোৱা যাব ৷

লগতে পঢক : কৰ'ণা সন্ত্ৰাস আৰু এগৰাকী মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.