ETV Bharat / jagte-raho

মালিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড - উদ্ধাৰ হ'ল যুৱকৰ মৃতদেহ

বাঁহৰ দ'মৰ মাজত উদ্ধাৰ হ'ল যুৱকৰ মৃতদেহ ৷

মালিগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড
author img

By

Published : Oct 9, 2019, 5:12 AM IST

গুৱাহাটী, 8 অক্টোবৰ: ৰাজ্যত দুৰ্গাপূজাৰ আনন্দ-উল্লাস মাৰ নাযাওতেই মহানগৰীৰ পাণ্ডুত মঙলবাৰে সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ মঙলবাৰে পুৱা পাণ্ডুৰ চাৰি নং কলনিত ৰাইজে এটা বাহৰ দ'মৰ মাজত ৰহস্যজনক ভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰে এজন যুৱকৰ মৃতদেহ ৷ ইয়াৰ পাছতে অঞ্চলটোত হুৱা-দুৱা লাগে আৰু পাছলৈ মৃতদেহটো পাণ্ডুৰে শুংভকৰ পাল নামৰ এজন যুৱকৰ বুলি চিনাক্ত কৰা হয় ৷ অত্যাধিক নিচাযুক্ত দ্ৰব্য সেৱনৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে যদিও ইয়াক এক পৰিকল্পিত হত্যকাণ্ড বুলি অভিহিত কৰিছে মৃত যুৱকজনৰ পৰিয়ালে ৷ যুৱকজনক অত্যাধিক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই তেওঁৰ নতুন বাইক আৰু মোবাইল লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ মাতৃয়ে ৷

বাঁহৰ দ'মৰ মাজত উদ্ধাৰ হ'ল যুৱকৰ মৃতদেহ

ইফালে বিগত কেইটামান মাহৰ পৰা পাণ্ডু অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি ৷ এই বিষয়ে স্থানীয়ে ৰাইজে বহুবাৰ জালুকবাৰী আৰক্ষীক জনাই আহিছে যদিও জালুকবাৰী আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷ আনহাতে মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ তদন্তৰ পাছত হে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।

Intro:পূজা আনন্দৰ মাজতে মহানগৰীৰ পাণ্ডুত চাঞ্চল্যকৰ ঘটনা। পাণ্ডু ৪ নম্বৰত বাঁহৰ দোমত উদ্ধাৰ যুৱকৰ মৃতদেহ। যুৱকজনৰ নাম শুভংকৰ পাল বুলি জানিব পৰা গৈছে। অত্যাধিক নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ইফালে এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছে মৃত যুৱকজনৰ পৰিয়ালে। যুৱকজনক অত্যাধিক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই তেওঁৰ নতুন বাইক আৰু মোবাইল লৈ যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱকজনৰ মাতৃয়ে। তাৰোপৰি অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পাইছে নিচাসক্ত যুৱকৰ উদ্ভণ্ডালি। এই ক্ষেত্ৰত আৰক্ষীক জনাই আহিছে যদিও জালুকবাৰী আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰা কাৰ্যত ক্ষোভ স্থানীয় ৰাইজৰ। সম্প্ৰতি ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.