ETV Bharat / jagte-raho

লকডাউন প্ৰয়োগ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ - জ্যেষ্ঠ পৰিদৰ্শক হেমন্ত পেটেল

গুজৰাটৰ আহমেদাবাদৰ অন্তৰ্গত চৰ্দাৰনগৰ অঞ্চলৰ ৰাইজে লকডাউনৰ নিয়ম প্ৰয়োগ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত শিলাবৰ্ষন কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

আৰক্ষীৰ ওপৰত আক্ৰমণ
আৰক্ষীৰ ওপৰত আক্ৰমণ
author img

By

Published : Apr 23, 2020, 9:10 AM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ লকডাউনৰ নীতি প্ৰয়োগ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ শিলাবৰ্ষণেৰে আক্ৰমণ সংঘটিত কৰে ৰাইজে । আহমেদাবাদৰ চৰ্দাৰনগৰত সংঘটিত হৈছে ঘটনা । গুজৰাটৰ আহমেদাবাদ আৰক্ষীৰ এটি দলৰ ওপৰত কৰা এই আক্ৰমণৰ ফলত বহুকেইগৰাকী আৰক্ষীৰ লোক হতাহত হয় ।

চৰ্দাৰনগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এম বি বাৰাডে এই কথা প্ৰকাশ কৰিছে । তেওঁ প্ৰকাশ কৰা অনুসৰি, এটা মন্দিৰৰ ওচৰত কোনো কাৰণবশত এইদৰে প্ৰায় ২০ গৰাকী লোক একত্ৰিত হোৱাৰ খবৰ লাভ কৰে আৰক্ষীয়ে । আৰক্ষীৰ দলটোৱে লোকসকলক সামাজিক দুৰত্ব বৰ্তাই ৰাখি নিজ নিজ বাসগৃহলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰে । কিন্তু তেওঁলোকে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে আৰক্ষীৰ দলটোৰ ওপৰত ওলোটাই শিলাবৰ্ষণ কৰিবলৈ লয় । যাৰ ফলত জ্যেষ্ঠ পৰিদৰ্শক হেমন্ত পেটেল আৰু আন তিনিগৰাকী আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

এই ঘটনাৰ পিচতেই চৰ্দাৰনগৰ আৰক্ষী চকীত নিজাকৈ এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে । উক্ত গোচৰৰ ভিত্তিত ইতিমধ্যে ১৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰলৈ পাকিস্তানৰ COVID-19 আক্ৰান্ত সন্ত্ৰাসবাদী প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.