ETV Bharat / jagte-raho

খুমটাইত নিশা উত্তেজনা, এজনক মূৰত ঘপিয়াই হত্যাৰ চেষ্টা

গোলাঘাটৰ খুমটাইত নিশা উত্তেজনা । খুমটাই হালধিবাৰীত এজন ব‍্যক্তিক হত্যাৰ চেষ্টা । চোকা দাৰে মূৰৰ পিছ অংশ আৰু দুয়োখন হাতত উপৰ্যুপৰি আক্ৰমণ । গুৰুতৰভাৱে আহত হয় পৱন ঘটোৱাৰ নামৰ ব‍্যক্তিজন । নিশাই সংকটজনক অৱস্থাত আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে পৱন ঘটোৱাৰক ।

author img

By

Published : Jul 23, 2020, 5:53 AM IST

খুমটাইত নিশা উত্তেজনা
এজনক মূৰত ঘপিয়াই হত্যাৰ চেষ্টা

গোলাঘাট, 23 জুলাই : কৰ'ণা সংক্ৰমণৰ আতংকৰ মাজতেই গোলাঘাট জিলাৰ খুমটাইত নিশা সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি । পৱন ঘটোৱাৰ নামৰ ব‍্যক্তিক চোকা দাৰে আক্ৰমণ কৰে অচিনাক্ত দুৰ্বৃত্তই । পৱন নিজা ঘৰলৈ আহি থকাৰ সময়ত হালধিবাৰী পথত কোনো দুৰ্বৃত্তই আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

খুমটাইত নিশা উত্তেজনা

পৱনৰ মূৰৰ পিছ অংশ আৰু দুয়োখন হাতত দাৰ ঘাপৰ আঘাত দেখা পোৱা গৈছে । চোকা দাৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অচেতন অৱস্থাত পথৰ মাজত পৰি থাকে পৱন ঘটোৱাৰ । স্থানীয় লোকে প্ৰত‍্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত খুমটাই আৰক্ষীয়ে ততাতৈয়াকৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে পৱন ঘটোৱাৰক । পৱন অচেতন হৈ পৰাৰ বাবে উক্ত ঘটনা কেনেদৰে হ'ল বৰ্তমান জানিব পৰা হোৱা নাই । স্থানীয় লোকৰ মতে,ই এক পৰিকল্পিত ঘটনা । আৰক্ষীৰ তদন্তৰ পিছতহে ওলাব প্ৰকৃততে কোনে হত্যা কৰিবলৈ চেষ্টা কৰিছিল পৱন ঘটোৱাৰক ।

লগতে পঢ়কঃ অসমীয়াক ONGC ত নিযুক্তি দিয়াৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.