ETV Bharat / jagte-raho

আৰক্ষীৰ আগত আঠুকাঢ়িলে কোনে !!!

author img

By

Published : Mar 15, 2020, 5:34 PM IST

গোলাঘাট জিলাত মহিলা আৰু শিশু কল্যানৰ নাম লৈ মহিলা গোটক ঋণ দিয়াৰ নামত প্ৰবঞ্চনা কৰিছিল টংকেশ্বৰ শইকীয়া নামৰ লোকজনে ৷ অৱশেষত স্থানীয় মহিলাসকলে টংকেশ্বৰৰ ঠগবাজীৰ বিষয়ে জ্ঞাত হোৱাত লপাথপা দি আৰক্ষীক গটাই দিয়ে ৷

খুমটাইত ধৃত প্ৰবঞ্চক
খুমটাইত ধৃত প্ৰবঞ্চক

খুমটাই, 15 মাৰ্চ : মহিলা আৰু শিশু কল্যান আঁচনিৰ নাম লৈ মহিলাক প্ৰবঞ্চনা কৰি আহিছিল টংকেশ্বৰ শইকীয়া নামৰ লোকজনে ৷ গোলাঘাট জিলাৰ সৰুপথাৰৰ নাওজানৰ বাসিন্দা টংকেশ্বৰ শইকীয়াই দীৰ্ঘদিন ধৰি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত মহিলাসকলক ঋণ দিয়াৰ নামত সংগ্ৰহ কৰি আহিছিল ধন ৷

আৰক্ষী আৰু স্থানীয় মহিলাৰ ভাষ্য

পাঁচ লাখ টকাৰ ঋণ প্ৰদানৰ নামত টংকেশ্বৰে মহিলাসকলৰ পৰা সংগ্ৰহ কৰিছিল 250 টকাকৈ ধন ৷ কিন্তু 250 টকা সংগ্ৰহ কৰি মহিলাসকলক কোনোধৰণৰ ৰিচিপ্ট প্ৰদান কৰা নাছিল টংকেশ্বৰে ৷

এনে অৱস্থাত স্থানীয় সচেতন মহিলাসকলৰ টংকেশ্বৰৰ ওপৰত সন্দেহ হোৱাত স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীক খবৰ দিয়াত ওলাই পৰে ওৰহী গছৰ ওৰ ৷ দৰাচলতে মহিলাসকলৰ ঋণ প্ৰদান কৰাৰ ভুৱা প্ৰতিশ্ৰুতিৰে টংকেশ্বৰে এইদৰে সংগ্ৰহ কৰি আহিছিল ধন ৷

খুমটাইত ধৃত প্ৰবঞ্চক টংকেশ্বৰ শইকীয়া

আৰক্ষীয়ে টংকেশ্বৰৰ পৰা বহুটো নথি-পত্ৰ জব্দ কৰাৰ লগতে অসম চৰকাৰৰ শেহতীয়া বাজেটৰ এখন প্ৰতিলিপিও জব্দ কৰে ৷ স্থানীয় মহিলাসকলে জনোৱা অনুসৰি, টংকেশ্বৰে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা এইদৰে ভুৱা ঋণৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যেই সংগ্ৰহ কৰিছে লক্ষাধিক টকা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.